June 2, 2025 7:24 PM

views 38

ব্ৰিটেইনছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰা বিনীতা চেত্ৰীক লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত গুণমুগ্ধৰ আদৰণি

আন্তঃৰাষ্ট্ৰীয় প্ৰতিভা সন্ধানকাৰী মঞ্চ ব্ৰিটেইনছ গট টেলেণ্টত তৃতীয় স্থান দখল কৰি ৰাজ্য তথা দেশলৈ সুনাম কঢ়িয়াই অনা কাৰ্বি আংলং জিলাৰ বোকাজানৰ বিনীতা চেত্ৰীক আজি বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত গুণমুগ্ধসকলে আদৰণি জনায়। এই সন্মান লাভ কৰি অতিশয় আনন্দিত বুলি সাংবাদিকৰ আগত বিনীতাই প্ৰকাশ কৰে। ইয়াৰ পাছতে তেওঁ শক্তিপীঠ কামাখ্যা ধামত উপস্থিত হৈ পূজা-অৰ্চনা আগবঢ়ায়। অসম জীয়ৰীগৰাকীৰ এই সাফল্যত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনন্দন জ্ঞাপন কৰিছে। সা...

June 2, 2025 6:53 PM

views 61

সাম্প্ৰতিক বান পৰিস্থিতিত যোৱা ২৪ ঘণ্টাত বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত এজনকৈ লোকৰ মৃত্যু

বিগত কেইবাদিনো হৈ থকা ধাৰাষাৰ বৰষুণৰ পাছত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বতৰ কিছু ফৰকাল হৈছে যদিও কেইবাখনো জিলাৰ বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বছৰৰ প্ৰথমটো বানত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। প্ৰশাসনে স্থাপন কৰা ৫২ টা আশ্রয় শিবিৰত ১০ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈ আছে। ৰাজ্যখনত এই বানত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। যোৱা ২৪ ঘণ্টাত বৰাক উপত্যকাৰ শ্ৰীভূমি আৰু কাছাৰ জিলাত এজনকৈ লোকৰ মৃত্যু হয়। এছ ডি আৰ এফে ধেমাজি আৰু হাইলাকান্দি জিলাৰ লগতে আন কেইবাখনো জিলাত আবদ্ধ লোকৰ উদ্ধাৰ...

June 2, 2025 11:03 AM

views 63

১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত

বিগত কেইবাদিনো হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। ধেমাজি, শ্রীভূমি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, শিৱসাগৰ, হোজাই, কামৰূপ, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। শেহতীয়া বানত ৰাজ্যৰ ৭৬৪ খন গাঁও পানীত বুৰ যোৱাৰ লগতে তিনি হাজাৰ ৫২৪ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। এই পর্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, ভূমিস্খলন আদিত ১২ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা মতে ব্ৰহ্মপুত্...

June 2, 2025 10:45 AM

views 58

সাহিত্যিক লুম্মেৰ ডাইৰ ওপজা দিন পালন

অৰুণাচল প্ৰদেশৰ পাছিঘাটত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত কালি দিনজোৰা কাৰ্যসূচীৰে প্ৰথিতযশা, সাহিত্যিক, সাংবাদিক লুম্মেৰ ডাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত সাহিত্যিকগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচনৰ লগতে লুম্মেৰ ডাই সাহিত্য বঁটা প্ৰদান কৰা হয়। পুৱাৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সভাৰ পতাকা উত্তোলন কৰাৰ পাছত আদি বানে কিবাংৰ সভাপতি তাদুম লিবাং আৰু আদি আগম কিবাংৰ সভাপতি টায়েত তালমে সাহিত্যিকগৰাকীৰ আৱক্ষ মুৰ্তি উন্মোচন কৰে। দিনৰ ভ...

June 2, 2025 10:42 AM

views 75

৫ দিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত ন’ৰ’ৱেত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৫ দিনীয়া ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত কালি ন'ৰ'ৱেত উপস্থিত হৈছে। ন'ৰ'ৱেত শ্ৰী সোণোৱালে অছলোত নৰ ছিপিং বাণিজ্য মেলা আৰু সন্মিলনৰ ৬০ সংখ্যক সংস্কৰণত মহাসাগৰ সম্পৰ্কীয় এখন উচ্চ পৰ্যায়ৰ বৈঠকত ভাষণ দিব। জাপান আৰু ন'ৰ'ৱেৰ জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰীৰ সৈতে তেওঁ বৈঠকত মিলিত হ'ব। ইয়াৰ পাছত তেওঁ ডেনমার্ক ভ্ৰমণ কৰিব।

June 2, 2025 10:15 AM

views 53

বান পৰিস্থিতি; গুৱাহাটীৰ ৩ টা ঘাটৰ ফেৰী সেৱা বন্ধ

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১৯ খন জিলাৰ ৩ লাখ ৬৪ হাজাৰৰো অধিক লোক বানৰ কবলত পৰিছে। ধেমাজি, শ্রীভূমি, গোৱালপাৰা, লখিমপুৰ, নগাঁও, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, শিৱসাগৰ, হোজাই, কামৰূপ, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। শেহতীয়া বানত ৰাজ্যৰ ৭৬৪ খন গাঁও পানীত বুৰ যোৱাৰ লগতে তিনি হাজাৰ ৫২৪ হেক্টৰ কৃষিভূমি পানীৰ তলত আছে। এই পর্যন্ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান, ভূমিস্খলন আদিত ১২ জন লোকৰ মৃত্যু হোৱাৰ তথ্য পোৱা গৈছে। আমাৰ কামৰূপৰ সংবাদদাতাই জনোৱা মতে ব্ৰহ্মপ...

June 2, 2025 9:48 AM

views 75

অসমৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত

বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত অসমৰ ১২ খন জিলাৰ ৩ লাখৰো অধিক লোক বানৰ কবলত পৰিছে। গোৱালপাৰা, লখিমপুৰ, গহপুৰ, নগাঁৱৰ কামপুৰ, পশ্চিম কাৰ্বি আংলং, তিনিচুকীয়া, ডিব্ৰুগড়ৰ লগতে কাছাৰ জিলাৰ বহু অঞ্চল প্লাবিত হৈ পৰিছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি উত্তৰ-পূবৰ ৪ খন ৰাজ্য ক্রমে অসম, মণিপুৰ, ছিকিম আৰু অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰি বান পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে এই চাৰিওখন ৰাজ্যত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত বান, ভূমিস্খলন আৰু খহনীয়াই ভয়ংকৰ ৰূপ...

June 1, 2025 1:34 PM

views 98

বতৰৰ বতৰা:

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনীৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৯ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৩ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্রদেশ, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে।

June 1, 2025 1:29 PM

views 71

সন্ধিয়া ৭.৪৫ বজাত আকাশবাণী গুৱাহাটীৰ বৰষুণৰ এটা দিন শীৰ্ষক ‘সংবাদ চলন্তিকা’

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭.৪৫ বজাৰ সংবাদ চলন্তিকাত বৰষুণৰ এটা দিন শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত শুকুৰবাৰে গুৱাহাটী মহানগৰীত হোৱা অভূতপূৰ্ব নগৰীয়া বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা আৰু এই সময়ত মানৱীয় প্ৰমূল্য সম্পৰ্কত ছাত্র-ছাত্রী, অভিভাৱক, আৰক্ষী কৰ্মচাৰী আৰু সাংবাদিকৰ মতামত শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

June 1, 2025 12:00 PM

views 117

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্ব লাভৰ পাছত প্ৰথমবাৰৰ বাবে গৃহ জিলাত উপস্থিত গৌৰৱ

● অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত কালি প্ৰথমবাৰৰ বাবে গৃহ জিলা যোৰহাটত উপস্থিত হয়। জিলাখনত কংগ্ৰেছ দলৰ ভালেসংখ্যক নেতা-কর্মীয়ে তেওঁক আদৰণি জনায়। ৰৰৈয়া বিমান বন্দৰৰ পৰা নেতাগৰাকী যোৰহাট ষ্টেডিয়ামত উপস্থিত হৈ দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ দিয়ে।