আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭.৪৫ বজাৰ সংবাদ চলন্তিকাত বৰষুণৰ এটা দিন শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত শুকুৰবাৰে গুৱাহাটী মহানগৰীত হোৱা অভূতপূৰ্ব নগৰীয়া বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা আৰু এই সময়ত মানৱীয় প্ৰমূল্য সম্পৰ্কত ছাত্র-ছাত্রী, অভিভাৱক, আৰক্ষী কৰ্মচাৰী আৰু সাংবাদিকৰ মতামত শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।
Assamese | June 1, 2025 1:29 PM | Akashvani Guwahati | flood guwahati rain | Guwahati | SANGBAD SALANTIKA
সন্ধিয়া ৭.৪৫ বজাত আকাশবাণী গুৱাহাটীৰ বৰষুণৰ এটা দিন শীৰ্ষক ‘সংবাদ চলন্তিকা’