October 12, 2025 12:13 PM

views 64

সংবাদ চলন্তিকাত আজি বে-চৰকাৰী স্বেচ্ছাসেবী সংস্থাসমূহৰ জনসেবাৰ প্ৰতি নেতিবাচক আৰু ইতিবাচক সেৱা সম্পৰ্কীয় আলোচনা

সাম্প্রতিক সময়ত স্বেচ্ছাসেবী সংস্থা বা এন জি অ সম্পর্কত বহু নেতিবাচক কথা চর্চালৈ আহিছে। কিন্তু একে সময়তে বহু বে-চৰকাৰী স্বেচ্ছাসেবী সংস্থা নিৰৱচ্ছিন্নভাবে জনসেবাত ব্রতী হৈ আছে। আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত আপোনালোকে লগ পাব গুৱাহাটীৰ পথিক নামৰ স্বেচ্ছাসেবী সংগঠন আৰু মঙলদৈৰ ক্রিষ্টল ভিজনৰ নামৰ স্বেচ্ছাসেবী সংগঠন দুটাক। এই অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ মুৰববী ৰাজীব লোচন বৰঠাকুৰৰ।

August 24, 2025 1:14 PM

views 71

আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটীৰ সংবাদ চলন্তিকাত মিজোৰামলৈ ৰে’ল সংযোগ সন্দৰ্ভত বিশেষ অনুষ্ঠান

■ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত সংবাদ চলন্তিকাত মিজোৰামলৈ ৰে'ল সংযোগ সন্দৰ্ভত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

June 15, 2025 12:58 PM

views 48

সংবাদ চলন্তিকাত আজি তৈল প্ৰতিষ্ঠানৰ পৰা গেছ নির্গমনজনিত দুর্ঘটনা সম্পৰ্কীয় বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটীয়ে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত তৈল প্ৰতিষ্ঠানৰ পৰা গেছ নির্গমনজনিত দুর্ঘটনা সন্দৰ্ভত তথ্য চিত্র নির্মাতা জয়চেং জয় দহোতিয়া আৰু শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীৰ প্ৰতিবেদনৰ আধাৰত যুগুতোৱা অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা, পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্ববী ৰাজীৱ লোচন বৰঠাকুৰৰ।

June 8, 2025 1:15 PM

views 104

প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি ৰূপায়ণৰ অগ্ৰগতি সম্পর্কে আকাশবাণীৰ বিশেষ সংবাদ চলন্তিকা

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। এন ডি এ চৰকাৰৰ এখন উল্লেখযোগ্য ধবজাবাহী আঁচনি হৈছে প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি। অসমত এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি সম্পর্কে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ'ব ৷ এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নতুন আৰু পুনৰ ব্যৱহাৰযোগ্য শক্তি বিভাগৰ মুখ্য প্ৰৱন্ধক বিজয় শংকৰ বৰুৱাৰ সৈতে আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ এটা কথোপথন প্ৰচাৰ কৰা হ'ব।

June 7, 2025 6:40 PM

views 58

প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি সন্দৰ্ভত কাইলৈ সন্ধিয়া বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ

কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰে ১১ বছৰ সম্পূৰ্ণ কৰিবলৈ ওলাইছে। এন ডি এ চৰকাৰৰ এখন উল্লেখযোগ্য ধবজাবাহী আঁচনি হৈছে প্রধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনি। অসমত এই আঁচনিখনৰ ৰূপায়ণৰ অগ্ৰগতি সম্পর্কে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ নতুন আৰু পুনৰব্যৱহাৰযোগ্য শক্তি বিভাগৰ মুখ্য প্ৰৱন্ধক বিজয় শংকৰ বৰুৱাৰ সৈতে আকাশবাণী বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ এটা কথোপথন প্ৰচাৰ কৰা হ'ব।

June 1, 2025 1:29 PM

views 73

সন্ধিয়া ৭.৪৫ বজাত আকাশবাণী গুৱাহাটীৰ বৰষুণৰ এটা দিন শীৰ্ষক ‘সংবাদ চলন্তিকা’

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭.৪৫ বজাৰ সংবাদ চলন্তিকাত বৰষুণৰ এটা দিন শীৰ্ষক এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত শুকুৰবাৰে গুৱাহাটী মহানগৰীত হোৱা অভূতপূৰ্ব নগৰীয়া বানৰ সময়ত সৃষ্টি হোৱা অচলাৱস্থা আৰু এই সময়ত মানৱীয় প্ৰমূল্য সম্পৰ্কত ছাত্র-ছাত্রী, অভিভাৱক, আৰক্ষী কৰ্মচাৰী আৰু সাংবাদিকৰ মতামত শুনিবলৈ পাব। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ।

May 4, 2025 12:22 PM

views 48

সংবাদ চলন্তিকাত আজি মুম্বাই ৱেভছ ২০২৫ সন্মিলনত অংশগ্ৰহণ কৰা অসমৰ প্রতিনিধিৰে বাৰ্তালাপ

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত মুম্বাইত অনুষ্ঠিত ৱেভছ ২০২৫ সন্মিলনত অংশগ্ৰহণ কৰা অসমৰ কেইবাগৰাকীও প্রতিনিধিয়ে তেওঁলোকৰ মন্তব্য আগবঢ়াব। এই অনুষ্ঠানটোৰ পৰিকল্পনা, উপস্থাপন আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ

April 27, 2025 7:27 PM

views 58

প্ৰতিবন্ধকতা আৰু দুৰাৰোগ্য ৰোগেও দমাব নোৱৰা কেইগৰাকীমান অদম্য, অজেয় ব্যক্তিৰ কাহিনীৰে আজিৰ সংবাদ চলন্তিকা

 সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিচনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া ৭:৪৫ মিনিটত এটি বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত দুৰাৰোগ্য বুলি ভবা ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰি আৰু শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকক পৰিচয় কৰাই দিয়া হ'ব। এই অনুষ্ঠানৰ পৰিক...

April 25, 2025 6:54 PM

views 54

‘প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি’ দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘সংবাদ চলন্তিকা’

সকলোৰে বাবে জীৱনটো গোলাপৰ পাহিৰে সজোৱা বিচনাৰ দৰে নহয়। জীৱনত আহে বহু প্ৰত্যাহ্বান। ইয়াৰে কেতবোৰ প্ৰত্যাহ্বান জন্মগত আৰু আন কিছুমান আহে পৰৱৰ্তী কালত। এই প্ৰত্যাহ্বান নেওচিও কিদৰে সফলতাৰে জীৱন যাত্ৰাত আগুৱাব পাৰি, তাৰ কাহিনী লৈ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে অহা ২৭ এপ্ৰিল, দেওবাৰে সন্ধিয়া ৭ বাজি ৪৫ মিনিটত এটা বিশেষ সংবাদ চলন্তিকা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত দুৰাৰোগ্য বুলি ভবা ৰোগৰ বিৰুদ্ধে যুদ্ধ কৰি আৰু শাৰীৰিক বাধাগ্ৰস্ততাকো নেওচি জীৱন যুদ্ধত জয়ী হোৱা কেইবাগৰাকীও লোকক পৰিচয় কৰাই দিয়া...

March 15, 2025 7:42 PM

views 40

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈৰ ‘সংবাদ চলন্তিকা’ত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা ভাওনাৰ বিষয়ত বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত গুৱাহাটীত কৰ্মৰত সাংবাদিকসকলে পৰিৱেশন কৰা গান্ধাৰীৰ অভিশাপ নামৰ ভাওনাৰ বিষয়ে বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই ভাওনাখনৰ পৰিকল্পনা ঋতুপৰ্ণ দাসৰ আৰু পৰিচালনা ড° দীপেন দাসৰ। গুৱাহাটীৰ বিভিন্ন বৈদ্যুতিন চেনেলৰ সাংবাদিকে অভিনয় কৰা এই ভাওনাখনিত ধৃতৰাষ্ট্ৰৰ চৰিত্ৰত অভিনয় কৰিছে মৃগাংক শ‍ইকীয়া, কৰ্ণ চৰিত্ৰত শোণিত কুমাৰ ভূঞা, শকুনি চৰিত্ৰত অভিজিৎ গোস্বামী আৰু কৃষ্ণৰ চৰিত্ৰত অভিনয় কৰিছে ব...