July 2, 2025 2:13 PM

views 41

পঞ্জীয়ন অবিহনে ৰে’লৰ ই-টিকট বিক্ৰীৰ অভিযোগত অৰুণ কুমাৰ ঠাকুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ

ৰে’ল সুৰক্ষা বাহিনীয়ে পঞ্জীয়ন অবিহনে ৰে'লৰ ই-টিকট বিক্ৰী কৰাৰ অভিযোগত অৰুণ কুমাৰ ঠাকুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। একাংশ যাত্ৰীৰ অভিযোগৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে চানমাৰিৰ গান্ধীবস্তিত অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰে। ৰে'ল আৰক্ষীৰ তদন্তত ইতিমধ্যে অভিযুক্তজনে দীর্ঘদিন ধৰি ৰে'লৰ ই-টিকট অবৈধভাৱে প্ৰস্তুত কৰাটো ধৰা পৰিছে।

July 2, 2025 2:09 PM

views 45

চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে মজুৰী ক্ষতিপূৰণ আঁচনি সন্দৰ্ভত ডিব্ৰুগড় জিলা আয়ুক্তৰ পৰ্যালোচনা সভা

● ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত কালি চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে মজুৰী ক্ষতিপূৰণ আঁচনি সন্দৰ্ভত স্বাস্থ্য বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তৃষ্ণা বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা প্রকল্প প্ৰৱন্ধক সত্যজিৎ মৰাণ, ডিব্ৰুগড় জিলাৰ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা বিষয়াসকল তথা স্বাস্থ্য বিভাগৰ অন্যান্য বিভাগৰ বি...

July 2, 2025 1:59 PM

views 33

‘কৃত্রিম বুদ্ধিমত্তাঃ ভৱিষ্যত প্ৰজন্মৰ বাবে আশীৰ্বাদ নে ভাবুকি’ বিষয় সন্দৰ্ভত যোৰহাটত যুৱ সংসদৰ আয়োজন

● যোৰহাট জিলা দিৱসৰ লগত সংগতি ৰাখি কালি জিলা প্ৰশাসনৰ উদ্যোগত আৰু শিক্ষা বিভাগৰ সহযোগত জিলাখনৰ বিভিন্ন চৰকাৰী, উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱমৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত ‘কৃত্রিম বুদ্ধিমত্তাঃ ভৱিষ্যত প্ৰজন্মৰ বাবে আশীৰ্বাদ নে ভাবুকি' বিষয় সন্দৰ্ভত এখন যুৱ সংসদৰ আয়োজন কৰা হয়। অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হীতেন্দ্ৰ নাথ গোস্বামীয়ে এই যুৱ সংসদ উদ্বোধন কৰে। অনুষ্ঠানত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, শিক্ষা বিভাগৰ অতিৰিক্তি জিলা আয়ুক্ত মগেন ন...

July 2, 2025 1:52 PM

views 36

ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত আকাশবাণী গুৱাহাটীৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

● আকাশবাণী গুৱাহাটীৰ ৭৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত কালি সন্ধিয়া আয়োজিত ওপজা দিনৰ সুবাস অনুষ্ঠানত আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৰাষ্ট্ৰপতি পুৰস্কাৰ প্ৰাপ্ত কৃতি শিক্ষক, লেখক ৮২ বছৰীয়া আনন্দ দেব গোস্বামী, কামৰূপীয়া ঢুলীয়া শিল্পী ৰঙিয়া বালিসত্র নিবাসী প্রভাত দাস, প্রাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ সুভাষ চৌধুৰী, সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্রতাপ কলিতা, আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন কামৰূপ জিলাৰ সংবাদদাতা ৰঙিয়াৰ বিশিষ্ট সাংবাদিক তাপস চমাদ্দাৰক সম্বৰ্ধনা জ...

July 2, 2025 12:41 PM

views 89

২০২৪-২৫ বৰ্ষত ৬ লাখ ৯৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছে: মুখ্যমন্ত্ৰী

ধান ক্ৰয়ৰ ক্ষেত্ৰত অসমে সৰ্বকালৰ অভিলেখ গঢ়িছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰা মতে এই পর্যন্ত খাৰিফ বিপণন কালত ২০২৪-২৫ বৰ্ষত ৬ লাখ ৯৭ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছে। এয়া ৰাজ্যৰ কৃষিখণ্ডৰ সৰ্বকালৰ অভিলেখ বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৩-২৪ বৰ্ষত ৩ লাখ ১৪ হাজাৰ মেট্ৰিক টন আৰু ২০২২-২৩ বৰ্ষত ৫ লাখ ৯২ হাজাৰ মেট্রিক টন ধান ক্ৰয় কৰা হৈছিল। কৃষকৰ বাবে ন্যূনতম সমৰ্থন মূল্য নিশ্চিত...

July 2, 2025 1:35 PM

views 35

কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দুদিনীয়া ভ্ৰমণসূচীৰে কালি দিল্লীত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমৰ কেইবাটাও পথ প্ৰকল্পৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। একেদৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি বিত্তীয় আয়োগৰ অধ্যক্ষকো সাক্ষাৎ কৰি ৰাজ্যৰ উন্নয়নৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ মুখ্য নির্বাচনী আয়ুক্তৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত...

July 1, 2025 2:01 PM

views 50

ধুবুৰীৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ গুৰুত্বপূৰ্ণ বৈঠক

ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস কালি জিলাখনৰ আৱৰ্ত ভৱনত জিলা প্ৰশাসনৰ বিভাগীয় মুৰব্বীসকলৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়, যে জিলাখনৰ বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীৰ বাছনি তালিকাৰ তেওঁ ভালদৰে পৰ্যবেক্ষণ কৰিছে আৰু সেইসমূহ উপযুক্ত ৰূপত কাৰ্যকৰী কৰা হ'ব। গোলাঘাটত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ বটল দলিওৱাৰ ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘটনাৰ সৈতে জড়িত দুষ্কৃতিকাৰীক শীঘ্ৰেই চিনাক্ত কৰি কঠোৰ শাস্তি বিহিব লাগে বুলি ...

July 1, 2025 1:51 PM

views 37

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আজি ৭৮ বছৰ

শ্ৰোতাৰ আদৰৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি ৭৮ বছৰত ভৰি দিছে। এই উপলক্ষে আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আজি পুৱা বিভাগটোৰ লবীত কেইবাগৰাকীও প্রয়াত সহকৰ্মীৰ আলোকচিত্ৰ স্থাপন কৰে। প্ৰয়াত সহকর্মী কেইগৰাকীৰ পৰিয়ালে আগবঢ়োৱা এই আলোকচিত্ৰকেইখন আজি আনুষ্ঠানিকভাৱে অনাবৰণ কৰা হয়। অষ্ট সপ্ততিতম্ প্ৰতিষ্ঠা দিৱস উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই আজি গুৱাহাটীৰ উজানবজাৰৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰেক্ষাগৃহত এটা অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি সন্ধিয়া ৬.৩০ বজাত আকাশবাণী গুৱাহাটী কে...

June 30, 2025 8:56 PM

views 56

গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড’ৰ ষ্টেডিয়াম উদ্বোধন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ

  মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি গোলাঘাট জিলা ক্রীড়া সন্থাৰ নৱনিৰ্মিত ইনড'ৰ ষ্টেডিয়াম উদ্বোধন কৰে। অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগে নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত ৭ কোটি ৯৪ লাখ টকা ব্যয় সাপেক্ষে এই ষ্টেডিয়ামটো নিৰ্মাণ কৰি উলিয়াইছে। ৬খন টেবুল টেনিছ ব'ৰ্ড আৰু ৫খন বেডমিণ্টন ক'ৰ্ট সংযুক্তকৰণেৰে নিৰ্মাণ কৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এই ষ্টেডিয়ামৰ নৱসংযোজনে গোলাঘাট জিলা ক্রীড়া ক্ষেত্ৰক নতুন ৰূপ দিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্রী শর্মাই আজি গোলাঘাট চৰক...

June 30, 2025 8:49 PM

views 84

ৰাজীৱ ভৱনত অসম প্রদেশ কংগ্ৰেছ কমিটীৰ ‘আছাম জাষ্টিছ’ শীৰ্ষক এটা প’ৰ্টেল মুকলি

অসম প্রদেশ কংগ্ৰেছ কমিটীয়ে আজি ৰাজীৱ ভৱনত আছাম জাষ্টিছ শীৰ্ষক এটা প'ৰ্টেল মুকলি কৰে। বিধায়ক জাকিৰ হুছেইন সিকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰকে ধৰি অন্যান্য নেতা-কৰ্মীৰ উপস্থিতিত বিৰোধী দলপতি দেৱব্ৰত শ‍ইকীয়াই এই প'ৰ্টেলটো মুকলি কৰে। শ্ৰীশ‍ইকীয়াই অনুষ্ঠানৰ পাছত এখন সংবাদমেলত কয়, যে ৰাজ্যৰ পঞ্চায়তী ব্যৱস্থাৰ পৰা আৰম্ভ কৰি শিক্ষা, স্বাস্থ্য, পথ আদিৰ সমস্যা সন্দৰ্ভত জনসাধাৰণে এই প'ৰ্টেলৰ জৰিয়তে অভিযোগ দাখিল কৰিব পাৰিব। তেওঁ কয়, যে জনসাধাৰণে দাখিল কৰা সমস্যাসমূহ পঞ্জীয়ন কৰি এইক্ষেত্...