দুদিনীয়া ভ্ৰমণসূচীৰে কালি দিল্লীত উপস্থিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে হোৱা এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অসমৰ কেইবাটাও পথ প্ৰকল্পৰ অগ্ৰগতিৰ সম্পৰ্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। একেদৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজি বিত্তীয় আয়োগৰ অধ্যক্ষকো সাক্ষাৎ কৰি ৰাজ্যৰ উন্নয়নৰ বিভিন্ন দিশ সম্পর্কে আলোচনা কৰাৰ সম্ভাৱনা আছে। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ মুখ্য নির্বাচনী আয়ুক্তৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হোৱাৰ সম্ভাৱনা আছে।
Assamese | July 2, 2025 1:35 PM | Akashvani Guwahati
কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ