● ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত কালি চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে মজুৰী ক্ষতিপূৰণ আঁচনি সন্দৰ্ভত স্বাস্থ্য বিভাগৰ এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়। আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত সংঘমিত্ৰা বৰুৱা, ডিব্ৰুগড় জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ তৃষ্ণা বৰা, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা প্রকল্প প্ৰৱন্ধক সত্যজিৎ মৰাণ, ডিব্ৰুগড় জিলাৰ খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা বিষয়াসকল তথা স্বাস্থ্য বিভাগৰ অন্যান্য বিভাগৰ বিষয়া আৰু স্বাস্থ্যকর্মীসকল উপস্থিত থাকে।
Assamese | July 2, 2025 2:09 PM | Akashvani | Akashvani Guwahati | Assam Tea
চাহ বাগিচাৰ গৰ্ভৱতী মহিলাসকলৰ বাবে মজুৰী ক্ষতিপূৰণ আঁচনি সন্দৰ্ভত ডিব্ৰুগড় জিলা আয়ুক্তৰ পৰ্যালোচনা সভা