August 4, 2025 7:16 PM

views 60

বি টি আৰৰ বিভিন্ন ঠাইত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত-বিনিময়

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বি টি আৰৰ বিভিন্ন ঠাইত বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰি বিজেপিৰ কৰ্মকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে। বাক্সা জিলাৰ অদালবাৰী, হাউলী মাজৰগাঁওত তৃণমূল পৰ্যায়ৰ বিজেপিৰ কৰ্মীৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই উন্নয়নৰ নতুন লক্ষ্যৰে শান্তিপূৰ্ণ বড়োলেণ্ডৰ বিপুল সম্ভাৱনাৰ দিশত কাম কৰিবলৈ দলটো প্ৰতিজ্ঞাবদ্ধ বুলি মন্তব্য কৰে। সমাগত বি টি আৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হোৱা এই ৰাজনৈতিক কুচকাৱাজৰ মাজতে অদালবাৰীৰ পৰা হাউলীলৈ যাত্ৰা কৰোতে বজা...

August 4, 2025 6:46 PM

views 60

আজিৰে পৰা আই আই টি গুৱাহাটীত মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান আঁচনি ২০২৫ৰ অধীনত বাছনি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ৫ দিনীয়া পৰামৰ্শদান শিবিৰ

মুখ্যমন্ত্ৰীৰ বিজ্ঞান প্রতিভা সন্ধান আঁচনি ২০২৫ৰ অধীনত বাছনি লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ পাঁচ-দিনীয়া পৰামৰ্শদান শিবিৰ আজিৰে পৰা আই আই টি গুৱাহাটীত অনুষ্ঠিত হৈছে। উচ্চস্তৰৰ বিজ্ঞান আন্তঃগাঁথনি তথা বিজ্ঞানসন্মত বিষয়ৰ প্ৰত্যক্ষ অভিজ্ঞতা আহৰণৰ সুযোগ দিয়াৰ বাবে আই আই টি গুৱাহাটীৰ তত্বাৱধানত এই শিবিৰ মুকলি কৰা হৈছে। উন্নত মানৰ বাছনি প্ৰক্ৰিয়াই ৰাজ্যখনৰ বিভিন্ন জিলাৰ শিক্ষানুষ্ঠানত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ প্ৰথম বৰ্ষত অধ্যয়নৰত ৪০গৰাকী শিক্ষাৰ্থীক এইবাৰ উদীয়মান বিজ্ঞান প্ৰতিভাৰূপে বাছনি কৰা হৈছ...

August 4, 2025 6:40 PM

views 58

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ দেহাৱসান

শাস্ত্রীয় সংগীতজ্ঞ, বিশিষ্ট বেহেলাবাদক, অৱসৰপ্ৰাপ্ত শিক্ষক সত্যকৃষ্ণ মিশ্ৰৰ আজি পুৱা বৰপেটাৰ গলিয়াহাটীৰ নিজ বাসগৃহত দেহাৱসান ঘটে। বৰপেটাৰ সমাজ জীৱনৰ অভিভাৱক স্বৰূপ মিশ্ৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ১০০ বছৰ। ১৯২৬ চনত বৰপেটাৰ এটা সংস্কৃতিবান পৰিয়ালত জন্মগ্ৰহণ কৰা মিশ্ৰ সৰুৰেপৰা সংগীত চৰ্চাত নিমগ্ন আছিল। এগৰাকী ফুটবল খেলুৱৈ আৰু অভিনেতা হিচাপে দক্ষতা থকা মিশ্ৰ বৰপেটা বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰথমগৰাকী অধ্যক্ষ আছিল। দেশৰ কেইবাখনো ৰাজ্যৰ আগশাৰীৰ শাস্ত্রীয় সংগীতানুষ্ঠানত বেহেলা বাদন পৰিৱ...

August 4, 2025 6:38 PM

views 55

ডিব্ৰুগড়ৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত সংঘটিত পথ দুৰ্ঘটনাত দুজন লোক নিহত

ডিব্ৰুগড় জিলাৰ খোৱাং চাৰিআলিৰ নৱনিৰ্মিত উৰণ সেতুৰ ওপৰত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন লোক নিহত হয়। নিহত লোকদুজন খোৱাং চাহ বাগিচাৰ গাড়ীচালক প্ৰণৱ দাস আৰু মণিপথাৰ নিবাসী ৰাহুল পাটৰ বুলি চিনাক্ত কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে বলবমলৈ যাবৰ বাবে নৱনিৰ্মিত উৰণ সেতুৰ কাষত ৰখাই থোৱা দুখন বাহনক গুৱাহাটীৰ পৰা যোৱা এখন নৈশ বাছে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাত আন ছজন লোক গুৰুতৰভাৱে আহত হয়। আহতসকলক অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। উল্লেখযোগ্য যে দুর্ঘটনা ...

August 4, 2025 6:35 PM

views 45

আকাশবাণী গুৱাহাটীৰ উদ্যোগত ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমা উদযাপনৰ উদ্দেশ্যে যুৱবাণী শাখাৰ দ্বাৰা কুইজ প্রতিযোগিতাৰ আয়োজন

আকাশবাণী গুৱাহাটীৰ উদ্যোগত অহা ৮ আগষ্টত অসম ৰাজ্যিক সংগ্ৰহালয়ৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত আকাশবাণীৰ ৯০ বছৰীয়া বৰ্ণিল পৰিক্ৰমা উদযাপন কৰাৰ উদ্দেশ্যে যুৱবাণী শাখাৰ দ্বাৰা এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। ‘আকাশবাণীৰ ৯০ বছৰ’ এই কুইজ প্ৰতিযোগিতাত আকাশবাণীৰ প্ৰচাৰণ সেৱাৰ গৌৰৱোজ্জ্বল ৯০ বছৰীয়া পৰিক্ৰমা আৰু অসম তথা আমাৰ দেশৰ বিভিন্ন ঠাইত থকা আকাশবাণী কেন্দ্ৰসমূহৰ সৈতে জড়িত প্রশ্ন থাকিব। প্ৰতিযোগিতাৰ প্ৰতিটো দলত দুজনকৈ সদস্য থাকিব। সেইদিনাই দুপৰীয়া ১ বজাৰ পৰা আকাশবাণীৰ ৯০ বছৰীয়া পৰিক্ৰমা, ভাৰত...

August 4, 2025 6:29 PM

views 48

প্ৰসিদ্ধ গীতিকাৰ আনন্দিৰাম দাসৰ পূণ্য তিথি উপলক্ষে শ্রদ্ধা নিবেদন

প্ৰসিদ্ধ গীতিকাৰ আনন্দিৰাম দাসৰ পূণ্য তিথি উপলক্ষে আজি তেওঁৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। বন কোঁৱৰ উপাধিৰে সন্মানিত দাসক বনগীতৰ স্ৰষ্টা বুলিও অভিহিত কৰা হৈছিল। অসমীয়া চলচ্চিত্ৰ বদন বৰফুকন, লাচিত বৰফুকন, পাঘাট আৰু ভক্ত প্ৰহ্লাদৰ বাবে গীত ৰচনা কৰা গীতিকাৰ গৰাকীয়ে বিৰহী আৰু সুৰ নিজৰা নামৰ দুখন প্ৰকাশিত গীতৰ সংকলনেৰে অসমীয়া গীতি সাহিত্যক চহকী কৰি থৈ গৈছে। ১৯৫৯ চনত গুৱাহাটীৰ প্ৰগতি শিল্পী সংঘই তেওঁক বনকোঁৱৰ আৰু নিউয়ৰ্ক প্লেয়াৰ্ছে বনগীতৰ ওজা উপাধিৰে সন্মানিত কৰিছিল। মুখ্যমন্ত্রী ড° হিমন্ত বিশ...

August 4, 2025 6:27 PM

views 62

নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে বি এছ এন এলৰ দেশৰ প্ৰথমখন ফাইভ-জি কেপ্টিভ নন পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

বি এছ এন এলে নুমলীগড় শোধনাগাৰ লিমিটেডৰ সৈতে দেশৰ প্ৰথমখন ফাইভ-জি কেপ্টিভ নন পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই বিষয়ে প্ৰকাশ কৰিছে। এই পদক্ষেপ ডিজিটেল অসম আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰিছে।

August 4, 2025 5:59 PM

views 62

ভাৰত-আমেৰিকাৰ মাজৰ শুল্ক সম্পৰ্কীয় শেহতীয়া ব্যৱস্থাসমূহক লৈ ভুৱা দাবী অথবা বাতৰি প্ৰচাৰ নকৰিবলৈ সামাজিক মাধ্যমৰ একাউণ্টসমূহলৈ প্ৰেছ ইনফৰমেচন ব্যুৰ’ আহ্বান

প্ৰেছ ইনফৰমেচন ব্যুৰ’ পি আই বিৰ তথ্য পৰীক্ষণ গোটে ভাৰত আৰু আমেৰিকাৰ মাজৰ শুল্ক সম্পৰ্কীয় শেহতীয়া ব্যৱস্থাসমূহক লৈ ভুৱা দাবী অথবা বাতৰি প্ৰচাৰ নকৰিবলৈ সামাজিক মাধ্যমৰ একাউণ্টসমূহক আহ্বান জনাইছে। এনে একাংশ একাউণ্টৰ জৰিয়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ কেতবোৰ বিবৃতি বিকৃত ৰূপত প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। পি আই বিৰ তথ্য পৰীক্ষণ গোটে অনলাইন মাধ্যমত প্ৰচাৰিত এনেধৰণৰ ভুল তথ্য তথা ভুৱা প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ সংশ্লিষ্ট সকলোকে সকিয়াই দিছে। গোটটোৱে লগ...

August 4, 2025 5:51 PM

views 26

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ পিতৃ শিবু চোৰেণৰ দেহাৱসান

ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাজ্যখনৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ পিতৃ শিবু চোৰেণৰ আজি নতুন দিল্লীত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী বৃক্ক ৰোগত ভূগি থকাৰ লগতে ডেৰমাহ পূৰ্বে ষ্ট্ৰোকত আক্ৰান্ত হৈছিল। যোৱা এমাহ ধৰি নতুন দিল্লীৰ চাৰ গংগাৰাম হাস্পতালত তেওঁক জীৱনদায়িনী ব্যৱস্থাৰে ৰখা হৈছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মোদীয়ে চোৰেণক জনসাধাৰণৰ...

August 4, 2025 5:32 PM

views 51

হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত

বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ দুই বজালৈ স্থগিত ৰখা হয়। দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্রশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা চলায়। কিন্তু বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয়ত ধ্বনি দিবলৈ আৰম্ভ কৰে। শ্ৰী বিৰলাই প্ৰতিবাদৰত সদস্যসকলক প্রশ্নকাল চলাই নিয়াৰ অনুমতি দিবলৈ আৰু সকলোকে এই আলোচনাত অংশ ল'বলৈ আহ্বান জনায়। ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে প...