প্ৰেছ ইনফৰমেচন ব্যুৰ’ পি আই বিৰ তথ্য পৰীক্ষণ গোটে ভাৰত আৰু আমেৰিকাৰ মাজৰ শুল্ক সম্পৰ্কীয় শেহতীয়া ব্যৱস্থাসমূহক লৈ ভুৱা দাবী অথবা বাতৰি প্ৰচাৰ নকৰিবলৈ সামাজিক মাধ্যমৰ একাউণ্টসমূহক আহ্বান জনাইছে। এনে একাংশ একাউণ্টৰ জৰিয়তে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয় আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পৰ কেতবোৰ বিবৃতি বিকৃত ৰূপত প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে। পি আই বিৰ তথ্য পৰীক্ষণ গোটে অনলাইন মাধ্যমত প্ৰচাৰিত এনেধৰণৰ ভুল তথ্য তথা ভুৱা প্ৰচাৰৰ পৰা আঁতৰি থাকিবলৈ সংশ্লিষ্ট সকলোকে সকিয়াই দিছে। গোটটোৱে লগতে এনেধৰণৰ যিকোনো বা-বাতৰিৰ প্ৰচাৰ অথবা প্ৰসাৰত ভাগ লোৱাৰ পূৰ্বে চৰকাৰী সূত্ৰৰ বাতৰি পৰীক্ষা কৰি চাবলৈকো জনসাধাৰণক আহ্বান জনাইছে।
Assamese | August 4, 2025 5:59 PM | Akashvani Guwahati | Akashvani News | PIB
ভাৰত-আমেৰিকাৰ মাজৰ শুল্ক সম্পৰ্কীয় শেহতীয়া ব্যৱস্থাসমূহক লৈ ভুৱা দাবী অথবা বাতৰি প্ৰচাৰ নকৰিবলৈ সামাজিক মাধ্যমৰ একাউণ্টসমূহলৈ প্ৰেছ ইনফৰমেচন ব্যুৰ’ আহ্বান