বিৰোধী পক্ষৰ সদস্যসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ দুই বজালৈ স্থগিত ৰখা হয়। দিনৰ ১১ বজাত সদন মিলিত হোৱাৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্রশ্নকাল আগবঢ়াই নিয়াৰ চেষ্টা চলায়। কিন্তু বিৰোধী সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ সংশোধন উঠাই লোৱাকে ধৰি অন্যান্য বিষয়ত ধ্বনি দিবলৈ আৰম্ভ কৰে। শ্ৰী বিৰলাই প্ৰতিবাদৰত সদস্যসকলক প্রশ্নকাল চলাই নিয়াৰ অনুমতি দিবলৈ আৰু সকলোকে এই আলোচনাত অংশ ল’বলৈ আহ্বান জনায়। ইয়াৰ পাছতো বিৰোধী পক্ষৰ সদস্যসকলে প্ৰতিবাদ অব্যাহত ৰখাত অধ্যক্ষই দিনৰ দুই বজালৈ সদন স্থগিত ঘোষণা কৰে। হুলস্থূলীয়া পৰিৱেশৰ মাজতে শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মন্দাৱিয়াই চৰকাৰী খণ্ডৰ কোম্পানীসমূহত নিয়োগ সন্দৰ্ভত প্ৰশ্নৰ উত্তৰ দিয়ে।
Assamese | August 4, 2025 5:32 PM | Akashvani Guwahati | Akashvani News | Parliament House | Parliament Session
হুলস্থূলীয়া পৰিস্থিতিৰ বাবে আজি লোকসভাৰ কাৰ্যক্ৰমণিকা দিনৰ ২ বজালৈ স্থগিত