August 5, 2025 11:23 AM

views 69

বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত

■ বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও সম্প্রতি শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ইউ পি পি এলৰ সৈতে মিত্ৰতা বজাই ৰাখি বিজেপিয়ে পৰিষদীয় নির্বাচনত নিজা প্ৰাৰ্থী দিব বুলি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফে কালি ২২ টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰি নিৰ্বাচনক নতুন মাত্ৰা প্ৰদান কৰিছে। কোকৰাঝাৰৰ দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে নিজে প...

August 5, 2025 11:15 AM

views 44

আমিনগাঁৱত নিৰ্মাণ কৰা শৰাইঘাট পার্কখন আনুষ্ঠানিকভাৱে মুকলি

● মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি কামৰূপ জিলাৰ আমিনগাঁৱত নিৰ্মাণ কৰা শৰাইঘাট পার্কখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱত থকা কামৰূপ জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদত স্থাপন কৰা মহাত্মা গান্ধীৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰে। ইয়াৰ লগতে তেওঁ কেইবাটাও পৰিয়ালক উত্তৰ গুৱাহাটীত স্থাপন হ'বলগীয়া ন্যায়িক চহৰৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ ক্ষতিপূৰণো প্রদান কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে এই বছৰৰ শেষৰ ফালে ৰংমহলত ন্যায়িক...

August 5, 2025 11:07 AM

views 55

লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন

■ ভাৰতৰত্ন সন্মানেৰে বিভূষিত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পূণ্যতিথি আজি ৰাজ্যজুৰি লোককল্যাণ দিৱস হিচাপে পালন কৰা হৈছে। ২০২২ বৰ্ষৰ পৰা ৰাজ্য চৰকাৰৰ উদ্যোগত এই দিনটো লোককল্যাণ দিৱস হিচাপে পালন কৰি অহা হৈছে। এই উপলক্ষে চৰকাৰে ৰাজ্যখনৰ অৰাজপত্ৰিত কৰ্মচাৰীসকলৰ উৎকৃষ্ট সেৱাৰ বাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে। ইয়াৰ লগতে ভালেসংখ্যক বিষয়ালৈ প্রশাসন ব্যৱস্থাত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৰ্মশ্ৰী বঁটাও আগবঢ়োৱা হয়। কালি ৰাজ্য চৰকাৰৰ সাধাৰণ প্রশাসন বিভাগে চলিত বছৰৰ বাবে ৬৯ গৰাকী কৰ্মচাৰ...

August 5, 2025 10:50 AM

views 40

উৰিয়ামঘাটত নগাৰ আগ্ৰাসন হোৱা নাই: মুখ্যমন্ত্ৰী

● উৰিয়ামঘাটত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত ৰেংমা সংৰক্ষিত বনাঞ্চলৰ ১২ হেজাৰ হেক্টৰ ভূমি দখলমুক্ত কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। উৰিয়ামঘাটত নগা লোকৰ আগ্ৰাসন হোৱা নাই বুলি স্পষ্ট কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জাতীয় জীৱনৰ বৃহত্তৰ স্বাৰ্থত উচ্ছেদ অভিযান অব্যাহত থাকিব বুলি ঘোষণা কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সংবাদ মাধ্যমৰ আগত কয়, যে উৰিয়ামঘাটৰ স্থান তেওঁ নিজে প্ৰত্যক্ষ কৰি আহিছে আৰু সেই স্থানত নগাৰ আগ্ৰাসন হোৱা কথাটো সম্পূৰ্ণ মিছা। ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাত...

August 4, 2025 8:44 PM

views 56

ভাৰতীয় আৰ্ছাৰী সন্থাই নতুন দিল্লীৰ যমুনা স্পোর্টছ কমপ্লেক্সত অহা অক্টোবৰ মাহত আৰ্ছাৰী লীগ প্রতিযোগিতা মুকলি কৰিব

ভাৰতীয় আৰ্ছাৰী সন্থাই নতুন দিল্লীৰ যমুনা স্পোর্টছ কমপ্লেক্সত অহা অক্টোবৰ মাহত আৰ্ছাৰী লীগ প্রতিযোগিতা মুকলি কৰিব। ১১ দিনৰ বাবে হ'বলগীয়া এই প্ৰতিযোগিতাত পুৰুষ আৰু মহিলাৰ ৰিকাৰ্ভ আৰু কম্পাউণ্ড শাখাত দেশৰ লগতে বিশ্বৰ শীৰ্ষস্থানীয় আৰ্ছাৰসকলে অংশ ল'ব। এই প্ৰতিযোগিতা বিশ্ব আৰ্ছাৰী, এছিয়াৰ বিশ্ব আৰ্ছাৰী আৰু ভাৰতৰ ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনত ছটা দলৰ সৈতে আৰম্ভ হ'ব। আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ ধনুবিদসকলৰ সংস্পৰ্শত ভাৰতীয় আৰ্ছাৰসকলৰ কৌশল উন্নত কৰাৰ উদ্দেশ্যৰে এই লীগ আৰম্ভ কৰা হ'ব।

August 4, 2025 8:26 PM

views 41

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুঅ’লডেজ মাৰ্কোচ জুনিয়ৰ ৫ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত

ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফার্দিনান্দ ৰোমুঅ'লডেজ মাৰ্কোচ জুনিয়ৰ ৫ দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জানিবলৈ দিছে যে, ৰাষ্ট্ৰপতিগৰাকী নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আদৰণি জনায়। ভাৰত আৰু ফিলিপিনছৰ মাজৰ কুটনৈতিক সম্বন্ধৰ ৭৫ বছৰ উদযাপনৰ সময়ত ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে দুয়োখন দেশৰ মাজৰ সম্বন্ধ আৰু অধিক সূদৃঢ় কৰিব।

August 4, 2025 8:08 PM

views 56

নগাঁৱৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ এজন যুৱকৰ মৃত্যু

নগাঁও জিলাৰ ছাপানলাৰ হদহদী জলপ্ৰপাতত গা ধুবলৈ গৈ আজি পুৱা এজন যুৱকৰ মৃত্যু হয়। যুৱকজন নগাঁৱৰ লাওখোৱা ৰোডৰ ২১ বছৰীয়া ছনায়াম জৈন বুলি জানিব পৰা গৈছে। পুৱা গা ধুবলৈ গৈ যুৱকজন পানীত বুৰ যোৱাৰ পাছত এছ ডি আৰ এফৰ দলে ঘটনাস্থলীত উপস্থিত হৈ তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে।

August 4, 2025 7:55 PM

views 46

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই চুৰি গোচৰত ৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ

যোৰহাট আৰক্ষীৰ তিতাবৰ মহকুমা শাখাই আজি এটা চুৰি গোচৰত পাঁচজন ব্যক্তিক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। তিনি দিন আগতে তিতাবৰৰ মিহিৰাম শ‍ইকীয়া বিদ্যালয়ত সংঘটিত এটা চুৰিৰ গোচৰৰ পৰিপ্ৰেক্ষিতত ব্যক্তিকেইজনক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ লগতে আৰক্ষীয়ে অভিযুক্তকেইজনৰ পৰা চুৰি হোৱা সামগ্ৰীসমূহ উদ্ধাৰ কৰে৷

August 4, 2025 7:51 PM

views 61

এআইইউডিএফৰ প্ৰতিনিধি দলৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ

উজনি অসমৰ কেইবাখনো জিলাত একাংশ দল-সংগঠনে বিশেষ সম্প্ৰদায়ৰ লোকৰ ওপৰত আতিশয্য চলোৱাৰ অভিযোগ তুলি আজি এ আই ইউ ডি এফৰ এটা প্ৰতিনিধি দলে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আইন শৃংখলাৰ মহা পৰিদৰ্শক অখিলেশ সিঙক সাক্ষাৎ কৰে। বিধায়ক ৰফিকুল ইছলাম, কৰিমউদ্দিন বৰভূঞা, সুজামুদ্দিন লস্কৰসহ প্রতিনিধি দলটোৱে আৰক্ষী মহাপৰিদৰ্শক গৰাকীক সাক্ষাৎ কৰি একাংশ দল- সংগঠনে সংগঠনটোৰ লোকক কৰা হাৰাশাস্তিৰ ঘটনা ৰোধ কৰিবলৈ আহ্বান জনায়। ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি বজালী জিলাত সাংবাদিকৰ আগত কয়, যে এনেধৰণৰ কোনো আত...

August 4, 2025 7:47 PM

views 16

সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ ৩৯ হাজাৰ ৫১৫ খন প্রাথমিক বিদ্যালয়লৈ ২০২৫-২৬ বৰ্ষৰ বাবে ৫০ শতাংশ বার্ষিক অনুদান হিচাপে ৫৬ কোটি ৯৭ লাখ টকা মুকলি কৰিছে

সমগ্ৰ শিক্ষা অসমে ৰাজ্যৰ ৩৯ হাজাৰ ৫১৫ খন প্রাথমিক বিদ্যালয়লৈ ২০২৫-২৬ বৰ্ষৰ বাবে ৫০ শতাংশ বার্ষিক অনুদান হিচাপে ৫৬ কোটি ৯৭ লাখ টকা মুকলি কৰি দিছে। এই সন্দৰ্ভত জাৰি কৰা নিৰ্দেশনাৰ জৰিয়তে সমগ্র শিক্ষা অসমে এই ধনেৰে বিদ্যুতৰ মাচুল, ইণ্টাৰনেট মাচুল, বিদ্যালয় গৃহ মেৰামতিকে ধৰি আন্তঃগাঁথনিমূলক কাম-কাজ কৰিবলৈ পৰামৰ্শ দিছে। এই অনুদানৰ ধনৰ ১০ শতাংশ স্বচ্ছতা কার্যসূচী পৰিকল্পনাৰ অধীনত ব্যৱহাৰ কৰিবলৈ নিৰ্দেশনাত কোৱা হৈছে।