■ বি টি চি পৰিষদীয় নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও সম্প্রতি শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত উঠিছে। ইউ পি পি এলৰ সৈতে মিত্ৰতা বজাই ৰাখি বিজেপিয়ে পৰিষদীয় নির্বাচনত নিজা প্ৰাৰ্থী দিব বুলি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিভিন্নজনে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বি পি এফে কালি ২২ টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ তালিকা প্রকাশ কৰি নিৰ্বাচনক নতুন মাত্ৰা প্ৰদান কৰিছে। কোকৰাঝাৰৰ দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীয়ে নিজে প্রতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে। ইপিনে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি চিৰাঙৰ দুখন দলীয় কার্যকর্তা সন্মিলনত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ড০ শৰ্মাই চিৰাঙৰ চুবাইঝাৰ আৰু থুৰিবাৰী পৰিষদীয় সমষ্টিভিত্তিত বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰথমখন সন্মিলনত অংশগ্ৰহণ কৰিব। আনহাতে মানাস ছেৰফাং পৰিষদীয় সমষ্টিভিত্তিত তেওঁ পাণবাৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত দ্বিতীয়খন সভাত অংশ লব। বিজেপিয়ে নিজাকৈ বি টি চি পৰিষদীয় নিৰ্বাচনত প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন স্থানত সভা অনুষ্ঠিত কৰি বিজেপিৰ হৈ প্ৰচাৰ চলাই আছে।
Assamese | August 5, 2025 11:23 AM | Akashvani Guwahati | BTC | BTC election
বি টি চি পৰিষদীয় নিৰ্বাচনৰ বাবে শাসক-বিৰোধী দলৰ প্ৰচাৰ অভিযান তুংগত