October 8, 2025 6:18 PM

views 40

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত বনৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত

ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত যোৱা নিশা বনৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত এজন চোৰাং চিকাৰী নিহত হয়। মৃত চোৰাং চিকাৰীজন দৰং জিলাৰ ভৱপুৰ গাঁৱৰ খলিলুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। কুখ্যাত চোৰাং চিকাৰী ৰহমানক যোৱা বছৰ দৰং আৰক্ষীয়ে অস্ত্ৰ-শস্ত্রসহ গ্ৰেপ্তাৰ কৰিছিল যদিও পাছত তেওঁ জামিনত মুক্তি লাভ কৰে। বনৰক্ষীৰ দলে ঘটনাস্থলীৰ পৰা ছটা ৰাউণ্ড গুলীৰ লগতে এখন কুঠাৰ, বন্দুকৰ চাইলেন্সাৰ হিচাপে ব্যৱহাৰ কৰা লোহাৰ পাইপ আৰু মোবাইল ফোন উদ্ধাৰ কৰে। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আৰক্ষীৰ সহযোগত ৰহম...

October 8, 2025 6:14 PM

views 73

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ

শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে আজি শিল্পীগৰাকীৰ সম্বন্ধীয় ভাতৃ তথা বকো সমজিলাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰে। বিশেষ তদন্তকাৰী গোটে আজি সন্দীপন গাৰ্গক ১৪ দিনৰ জিম্মাত বিচাৰি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। অৱশ্যে আদালতে ৭ দিনৰ বাবে সন্দীপনক তদন্তকাৰী গোটৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ছিংগাপুৰত অনুষ্ঠিত নৰ্থ-ইষ্ট ফেষ্টিভেললৈ জুবিন গাৰ্গৰ সৈতে তেওঁ একেলগে যোৱাৰ উপৰি ছিংগাপুৰৰ সাগৰত জুবিন গাৰ...

October 7, 2025 12:39 PM

views 112

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত

● জুবিন গাৰ্গৰ ছিংগাপুৰত ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত এছ. আই. টিৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত আছে। গোচৰ সংক্ৰান্তত আছ আই টিয়ে কালি জুবিন গাৰ্গৰ ষ্টুডিঅৰ কেয়াৰ টেকাৰ অভিমন্যু তাঁতী, ব্যক্তিগত সহায়ক সাধন নাথ, ঋতু প্রয়াগ গাৰ্গ, প্ৰাৰ্থনা বৰাকে ধৰি আন কেইবাগৰাকীৰো ভাষ্য গ্ৰহণ কৰে। এছ. আই. টিয়ে ঘটনাৰ অন্যতম অভিযুক্ত শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তৰো কালি ভাষ্য গ্ৰহণ কৰে। ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত থকা লোকৰ লগতে বিগত এমাহৰ পৰা দুমাহ ধৰি জুবিন গাৰ্গে যিসকল লোকৰ সৈতে যোগাযোগত আছিল সেইসকল...

October 7, 2025 12:52 PM

views 90

অসম মন্ত্ৰীসভাৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

● মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি লোকসেৱা ভৱনত অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ এখন বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত ৰাষ্ট্ৰীয় পেন্সন আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰীৰ বাবে ইউনিফাইড পেন্সন আঁচনি প্ৰৱৰ্তনত অনুমোদন জনোৱা হয়। সেৱা কাল সম্পূৰ্ণ হোৱা আৰু স্বেচ্ছাই অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে পেন্সনৰ ধন লাভ কৰিব৷ মন্ত্ৰীসভাৰ বৈঠকত ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ আৰু চৰাঞ্চলত নিয়োজিত শিক্ষয়িত্ৰীসকলক পাঁচ বছৰ সেৱা সম্পূৰ্ণ কৰাৰ পাছত তেওঁলোকৰ গৃহ বা নিকটৱ...

October 7, 2025 12:47 PM

views 81

নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব: গুৱাহাটী উচ্চ ন্যায়ালয়

● নিৰ্দিষ্ট ধৰ্মৰ ভিত্তিত কোনো দখলকাৰীয়ে সুৰক্ষা নাপাব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে শেহতীয়াকৈ এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। ৰাজ্যৰ খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ অন্তৰ্গত হোৱাৰ পাছতো চৰকাৰে অবৈধভাৱে ঘৰ ভাঙি দিয়াৰ অভিযোগ তুলি সদৌ অসম গৰিয়া যুৱ-ছাত্ৰ পৰিষদে উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছিল। এই আবেদনৰ জৰিয়তে সংগঠনটোৱে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই খিলঞ্জীয়া লোকে চৰকাৰী ভূমি দখল কৰিলে সেয়া চৰকাৰে অবৈধ দখল হিচাপে গণ্য নকৰে বুলি মন্তব্য আগবঢ়াইছিল। মুখ্...

October 7, 2025 12:43 PM

views 53

সমগ্ৰ ৰাজ্যতে ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা উদযাপন

● ধন আৰু ঐশ্বৰ্যৰ দেৱী শ্ৰীশ্ৰীলক্ষ্মী দেৱীৰ পূজা কালি সমগ্ৰ ৰাজ্যতে উদযাপন কৰা হয়। ভক্তসকলে ঘৰে ঘৰে নৈবদ্য, ধূপ-দীপ আগবঢ়াই নিজ নিজগৃহলৈ ঐশ্বৰ্যবিভূতি আগমনৰ কামনা কৰে। কোনো কোনো ঠাইত ৰাজহুৱাভাৱেও লক্ষ্মী দেৱীৰ পূজাৰ আয়োজন কৰা হয়। গুৱাহাটী মহানগৰীৰ বেলতলাৰ শ্ৰীশ্ৰী লক্ষ্মী মন্দিৰ, গণেশগুৰিৰ লক্ষ্মী মন্দিৰকে ধৰি বিভিন্ন মন্দিৰ আৰু নামঘৰ আদিতো এই পূজা অনুষ্ঠিত হয়। সন্ধিয়াৰ ভাগত নাম-প্ৰসংগ আৰু ভোগ-বিতৰণ কৰা হয়। লখিমপুৰৰ ঢকুৱাখনা, চিৰাং, বাক্সাৰ শিমলা বজাৰৰ লগতে ৰাজ্যৰ আন প্ৰান্ততো লক্ষ্মী পূজ...

October 7, 2025 12:37 PM

views 60

ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন

● অসম ৰাজ্যিক টি এন এ আইৰ উদ্যোগত আৰু ডিব্ৰুগড়ৰ নাৰ্চি অধ্যায়ৰ সহযোগত কালিৰে পৰা ৪১ সংখ্যক দ্বিবার্ষিক সন্মিলন অনুষ্ঠিত হৈছে। সন্মিলনৰ কালি অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সাংবাদিক নিতুমণি শ‍ইকীয়াই অংশগ্ৰহণ কৰে। সন্মিলনত নাৰ্চসকলৰ স্বাৰ্থৰ পোষকতা কৰাৰ ওপৰত আলোচনা কৰা হয়। এই সন্মিলনত ৰাজ্যৰ ভিন্ন প্ৰান্তত শক্ষিা গ্ৰহণ কৰি থকা হাজাৰৰো অধিক পঞ্জীয়নভুক্ত পেচাদাৰী নাৰ্চৰ প্ৰতিনিধি উপস্থিত থাকে।

October 7, 2025 12:45 PM

views 73

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ

● বুনিয়াদী অর্থনীতি সবলীকৰণেৰে ৰাজ্যক প্ৰগতিৰ দিশত লৈ যোৱাৰ লক্ষ্যৰে অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ সকলো ব্যৱস্থা সম্পূৰ্ণ কৰা হৈছে। আজি গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভণী অনুষ্ঠান অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্যৰ ২৫ হাজাৰৰো অধিক স্থানত কাইলৈ এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব। এই আঁচনিৰ অধীনত ৩৮ লাখৰো অধিক পৰিয়ালক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্য...

October 2, 2025 8:33 PM

views 38

শুৱালকুছিত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ ৫৭৭ সংখ্যক জয়ন্তী উৎসৱ পালন

● জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ- নামঘৰসমূহ হৰিনামৰ পৱিত্ৰ ধবনিৰে মুখৰ হৈ উঠিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী প্রভাতী কীর্তনেৰে শুভাৰম্ভ কৰা হয় ৷ ধেমাজি জিলাত বিভিন্ন কাৰ্যসূচীৰে গুৰুজনাৰ জন্মোৎসৱ পালন কৰা হয়। মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কেঁচুখনা নামঘৰত আয়োজিত গুৰুজনাৰ আৱিৰ্ভাৱ মহোৎসৱ আৰু শ্ৰীমন্ত শংকৰ সংঘৰ কেঁচুখনা আঞ্চলিক শাখাৰ বাৰ্ষিক অধিৱেশনত অংশ লয়। ভাষণ প্ৰসংগত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজী জাতিৰ আত্মীক শক...

October 2, 2025 6:16 PM

views 54

ৰাজ্যজুৰি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন

■ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৭ সংখ্যক আবিৰ্ভাৱ মহোৎসৱ উপলক্ষে আজি পুৱাৰে পৰা ৰাজ্যৰ সত্ৰ- নামঘৰসমূহত হৰিনামৰ পৱিত্ৰ ধবনিৰে মুখৰ হৈ উঠিছে। কোচবিহাৰৰ মধুপুৰ সত্ৰত শ্ৰীমন্ত শংকৰদেৱৰ জয়ন্তী প্রভাতী কীৰ্তনেৰে শুভাৰম্ভ কৰা হয়৷ সত্ৰপীঠ মাজুলীত গুৰুজনাৰ জন্মোৎসৱ উপলক্ষে নাম-প্ৰসংগকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। সত্ৰ আৰু নামঘৰসমূহৰ সমান্তৰালকৈ আঞ্চলিক ধর্মালোচনী সভাসমূহৰ উদ্যোগত বৰ্ণাঢ্য কাৰ্যসূচীৰে গুৰুজনাৰ জয়ন্তী পালন কৰা হৈছে। গুৰুজনাৰ জন্মস্থান বটদ্ৰবা সত্ৰতো আজি ৫৭৭ সংখ্যক জয়ন্তী উপলক্ষে...