October 2, 2025 6:08 PM

views 92

দেৱী দুৰ্গাক বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হৈছে

● ষষ্ঠীত প্ৰতিষ্ঠা কৰা শক্তিৰূপিনী দেৱী দুৰ্গাক আজি বিজয়া দশমীত যথাবিহিত ৰীতি-নীতিৰে বিসৰ্জন দিয়া হৈছে। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃন্ময় প্রতিমা বিসর্জন দিয়া হ'ব। প্ৰতিকূল বতৰৰ মাজতে গুৱাহাটী মহানগৰীৰ পাঁচটাকৈ ঘাটত বিসর্জন প্রক্রিয়া চলি আছে। আৰক্ষী প্ৰশাসনে জাৰি কৰা নীতি-নিৰ্দেশনা অনুসৰি লাচিত ঘাট, পাণ্ডু ঘাট, চূণচালিকে ধৰি পাঁচটা ঘাটত বিসৰ্জন প্ৰক্ৰিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাট পথসমূহত যান-জঁটৰ সমস্যা লাঘব...

October 1, 2025 9:12 PM

views 84

অসম চৰকাৰৰ উদ্যোগত যোৰহাটবাসী ৰাইজৰ সহযোগত যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠানৰ আয়োজন

যোৰহাটত ৰাজহুৱাকৈ অসম চৰকাৰৰ উদ্যোগত আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত আজি যোৰহাট ষ্টেডিয়ামত শিল্পী জুবিন গাৰ্গৰ আদ্যশ্ৰাদ্ধৰ পাছৰ মাংগলিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে জুবিন গাৰ্গৰ চিতাভস্মত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰো ব্যৱস্থা কৰা হৈছে। যোৰহাটবাসী তথা শিল্পী জুবিন গাৰ্গৰ অগণন অনুৰাগীয়ে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, নাম-প্ৰসংগ, দিহানাম, গায়ন-বায়নেৰে শিল্পীগৰাকীক শ্রদ্ধাঞ্জলি জনায়। জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্ত সোনকালে হোৱাৰ লগতে দোষীয়ে উপযুক্ত শাস্তি যাতে পায়, তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহ...

October 1, 2025 9:01 PM

views 49

নাগালেণ্ডত নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ ক্ৰমাৎ বৃদ্ধি

চুবুৰীয়া ৰাজ্য নাগালেণ্ডত হোৱা নেৰা নেপেৰা বৰষুণৰ ফলত নিপকোৰ দৈয়াং নদীৰ বান্ধৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। ইয়াৰ ফলত বান্ধৰ ৪খনকৈ গেট খোলা হৈছে বুলি নিপকোৰ তৰফৰ পৰা জনোৱা হৈছে। অতিৰিক্ত পানী দৈয়াং নদীৰ জৰিয়তে ধনশিৰি নদীলৈ প্ৰবাহিত কৰা হ'ব বুলি নিপকো কর্তৃপক্ষই জানিবলৈ দিছে। গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ জনসাধাৰণক বিশেষকৈ নদীপৰীয়া গাঁৱৰ লোকক নদীত গা ধোৱা, মাছ ধৰা আৰু নদীৰ পাৰত খেলাধূলা আদি কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে। বিশেষকৈ কাইলৈ বিজয়া দশমীৰ কাৰ্যসূচীৰ সময়ত এই ক্ষেত্ৰত সকলোকে বিশেষ ...

October 1, 2025 8:54 PM

views 68

প্ৰাচীন দেৱালয়সমূহত নৱৰাত্ৰিৰ প্ৰথম দিনাৰে পৰা যথাবিহিত ৰীতি-নীতিৰে দেৱী দুৰ্গাৰ পূজা-অৰ্চনা কৰা হৈছে

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমীত দেৱীক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হয়। দেৱীৰ এই ৰূপে আধ্যাত্মিক জ্ঞান আৰু মহৎ শক্তিক প্ৰতিফলিত কৰে। জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে পৰম্পৰা ৰক্ষা কৰি জনসাধাৰণে মহিষ মর্দিনীৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ গান শুনিবলৈ পোৱা গৈছে। গুৱাহাটী, লখিমপুৰ, বিজনীৰ দৰে ভালেসংখ্যক চহৰত শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মণ্ডপসমূহ সজাই-পৰাই তোলা হৈছে। গুৱ...

October 1, 2025 7:12 PM

views 75

আজি অসম আৰক্ষী দিৱস

আজি অসম আৰক্ষী দিৱস। জনসাধাৰণৰ শান্তি, সুৰক্ষা আৰু নিৰাপত্তাৰ হকে নিৰৱচ্ছিন্নভাৱে কাম কৰি যোৱা অসম আৰক্ষীৰ বীৰত্ব আৰু সমৰ্পণৰ প্ৰতি সন্মান জনাই এই দিৱস পালন কৰা হয়। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষী দিৱস উপলক্ষে আৰক্ষীত কৰ্মৰত সকলো বিষয়া, জোৱানলৈ শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। তেওঁ কয়, যে জনহিত-জনসেৱা মূলমন্ত্ৰৰে সমাজৰ অতন্দ্ৰ প্ৰহৰী হিচাপে দায়বদ্ধতাৰে কাম কৰি যোৱা আৰক্ষীৰ লোকসকল হৈছে সাহস, ত্যাগ আৰু কৰ্তব্যনিষ্ঠাৰ অম্লান প্রতিভূ। মুখ্যমন্ত্রী শর্মাই দেশ তথা জনসাধাৰণৰ সুৰক্...

October 1, 2025 7:08 PM

views 73

কেন্দ্ৰীয় মন্ত্রীসভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰনেৰে চাৰিলেনলৈ উন্নীতৰ বাবে অনুমোদন জনাইছে

কেন্দ্ৰীয় মন্ত্রীসভাই ৭১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কলিয়াবৰ-নুমলীগড় অংশৰ সম্প্ৰসাৰণ কৰি চাৰিলেনলৈ উন্নীত কৰাৰ বাবে অনুমোদন জনাইছে। মুঠ ৬,৯৫৭ কোটি টকা ব্যয়ৰে এই ৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা সম্প্ৰসাৰণ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে যোৱা এই পথছোৱা নিৰ্মাণৰ ক্ষেত্ৰত বন্যপ্ৰাণী অনুকূল ব্যৱস্থা ৰূপায়ণ কৰা হ'ব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা কাৰ্বি আংলঙৰ পাৰ্বত্য অঞ্চললৈ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি বন্যপ্ৰাণীসমূহে যাতে মুক্ত আৰু বাধাহীনভাৱে আহ-যাহ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰ...

October 1, 2025 7:02 PM

views 83

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমীত দেৱীক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা

শাৰদীয় দুর্গাপূজাৰ আজি মহা নৱমীত দেৱীক সিদ্ধিদাত্ৰী ৰূপত পূজা-অৰ্চনা কৰা হয়। দেৱীৰ এই ৰূপে আধ্যাত্মিক জ্ঞান আৰু মহৎ শক্তিক প্ৰতিফলিত কৰে। জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে পৰম্পৰা ৰক্ষা কৰি জনসাধাৰণে মহিষ মর্দিনীৰ আৰাধনা কৰিছে। ৰাজ্যৰ প্ৰতিখন পূজা মণ্ডপতে শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ গান শুনিবলৈ পোৱা গৈছে। গুৱাহাটী, লখিমপুৰ, বিজনীৰ দৰে ভালেসংখ্যক চহৰত শিল্পীগৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি মণ্ডপসমূহ সজাই-পৰাই তোলা হৈছে। গুৱ...

October 1, 2025 6:56 PM

views 93

শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ

জনতাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সন্দৰ্ভত যোৱানিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হয়। দণ্ডাধীশে দুয়োকে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে আজি আদালত বন্ধ থকা হেতুকে অভিযুক্ত দুজনক মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনত হাজিৰ কৰোৱা হয়। জনপ্রিয় শিল্পীগৰাকীৰ ছিংগাপুৰত আচহুৱা পৰিস্থিতিত মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা এছ আই টিয়ে চি আই...

October 1, 2025 5:11 PM

views 119

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ

■ অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত অভিযুক্ত শ্যামকানু মহন্ত আৰু শিল্পীজনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক যোৱানিশা এছ আই টিয়ে গ্ৰেপ্তাৰ কৰি আজি পুৱা মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰাই চি আই ডিৰ কাৰ্যালয়লৈ লৈ আহে। আজি আদালত বন্ধ থকা হেতুকে তেওঁলোকক মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসভৱনত হাজিৰ কৰোৱা হয় আৰু দণ্ডাধীশে দুয়োকে ১৪ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ছিংগাপুৰত বিশেষ পৰিস্থিতিত জনপ্রিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে অসম চৰকাৰে গঠন কৰা এছ আই টিয়...

September 26, 2025 12:51 PM

views 63

জোনাইত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ মৃত্যু

■ জোনাই থানাৰ অন্তৰ্গত বেৰাচাপৰিৰ তাৰি নেপালী বস্তিত কালি বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকে প্ৰাণ হেৰুৱায়। স্থানীয় লোকৰ উদ্ধৃতিৰে আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে মহেন্দ্ৰ দাস নামৰ ৬৫ বছৰ বয়সীয়া লোকজন পুৱা প্ৰায় ৪ বজাত বিলত মাছ ধৰিবলৈ যোৱা অৱস্থাত পবা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতী এটাক দেখি পলাবলৈ চেষ্টা কৰোতে হাতীটোৱে অতর্কিতে আক্ৰমণ কৰাৰ ফলত লোকজনে থিতাতে প্রাণ হেৰুৱায়। পাছত আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ মৃতদেহটো উদ্ধাৰ কৰে।