January 9, 2025 1:43 PM

views 64

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পর্কত শ্ৰোতাসকলে WHATSAPP NO. ৯৮৬৪০-৫৫৫৬৬ যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীও সেইদিনা ষ্টুডিঅ’ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তে...

January 9, 2025 10:43 AM

views 64

অভিনেত্রী, আকাশবাণী গুৱাহাটীৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ দেহাৱসান

■ প্রবীণ বর্ষীয়ান অভিনেত্রী, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষিকা জ্ঞানদা কাকতিৰ যোৱানিশা শ্বিলঙত দেহাৱসান হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৪ বছৰ। শ্বিলঙৰ বাসিন্দা জ্ঞানদা কাকতি দীর্ঘদিন ধৰি অসুস্থ হৈ আছিল। ১৯৪৮ চনত পাৰঘাট ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত অভিনয় জীৱন আৰম্ভ কৰা জ্ঞানদা কাকতিয়ে অসমীয়াৰ লগতে বঙালী ছবিতো অভিনয় কৰিছিল। তেওঁ অভিনয় কৰা উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত পিয়লি ফুকন, পূৱেৰুণ, সৰাপাত, লখিমী, ৰঙা পুলিচ, চাকনৈয়া, পুৱতি নিশাৰ সপোন, ওপৰ মহলা, শেষ বিচাৰ, প্রিয়জন, ৰাগ-বি...

January 8, 2025 9:00 PM

views 80

হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ

অসমীয়া কাব্য সাহিত্যৰ জোনাকী যুগৰ ত্ৰিমুৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীৰ জন্মবার্ষিকী উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কবিগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। এই উপলক্ষে কবিগৰাকীৰ জন্মস্থান গোলাঘাটৰ ঢেকিয়ালত জ্যোতি শাখা সাহিত্য সভাৰ উদ্যোগত হেমচন্দ্ৰ গোস্বামী স্মৃতি দিৱসৰ আয়োজন কৰা হয়। সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত পণ্ডিত কবিগৰাকীৰ এটা পূৰ্ণাংগ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰা হয়। উল্লেখযোগ্য যে ঢেকিয়ালৰ গৌৰাংগ সত্ৰত প্ৰয়াত কবিগৰাকীৰ ১৮৭২ চনৰ ৮ জানুৱাৰীত জন্ম হৈছিল। বহুমুখী প্ৰতিভাৰ অধিক...

January 8, 2025 8:50 PM

views 41

দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাৱলীৰ আশু সমাধানৰ দাবীত নিখিল বড়ো ছাত্ৰ সন্থা ৰাজ্যজুৰি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট

নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকৰ দীৰ্ঘদিনীয়া শৈক্ষিক সমস্যাৱলীৰ আশু সমাধানৰ দাবীত আজি ৰাজ্যজুৰি জিলা সদৰসমূহত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। আমাৰ কোকৰাঝাৰ আৰু ওদালগুৰিৰ সংবাদদাতাই জনোৱা মতে অসম ন্যায়িক সেৱাৰ পৰীক্ষা আৰু কেন্দ্ৰীয় শৈক্ষিক যোগ্যতা পৰীক্ষাত বড়ো ভাষাৰ প্ৰশ্নকাকত অন্তৰ্ভুক্ত কৰা, বড়ো মাধ্যমৰ হাইস্কুলক উন্নীত কৰা, মডেল হাইস্কুল স্থাপন কৰা, বড়ো মাধ্যমৰ খালী পদত শিক্ষক নিযুক্তি দিয়া, বিটিআৰ চুক্তিৰ সংশ্লিষ্ট দফা কাৰ্যকৰী কৰা আদি কেইবাটাও দাবী সম্বলিত একোখনকৈ স্মাৰক পত্ৰও ধৰ্ম...

January 8, 2025 8:48 PM

views 78

শনিবাৰে নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ বিশেষ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত বাতৰি আৰু বাতৰি বিভাগৰ অনুষ্ঠান সম্পর্কত শ্রোতাসকলে WHATSAPP NO. ১৮৬৪0-55566 যোগে দিয়া অভিযোগ আৰু পৰামৰ্শৰ উত্তৰ দিয়া হ'ব। অনুষ্ঠানটোত ভাগ ল'ব বাতৰি বিভাগৰ জ্যেষ্ঠ পৰিৱেশিকা অৰুণিমা গোস্বামী আৰু বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে। ভাৰতীয় গণসংযোগ প্রতিষ্ঠান চমুকৈ আই আই এম চিৰ আইজল চৌহদৰ আঞ্চলিক সঞ্চালক ড° শাশ্বতী গোস্বামীও সেইদিনা ষ্টুডিঅ'ত উপস্থিত থাকি বাতৰি সম্পৰ্কত তে...

January 7, 2025 9:00 PM

views 34

তিনিচুকীয়া জিলা ভ্ৰমনেৰে বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ কেন্দ্ৰীয় মন্ত্ৰী বি এল বার্মাৰ

কেন্দ্ৰীয় অসামৰিক যোগান, গ্রাহক পৰিক্ৰমা তথা সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ ৰাজ্য মন্ত্ৰী বি এল বার্মাই আজি তিনিচুকীয়া জিলা ভ্ৰমণ কৰি বিভিন্ন কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰে।

January 7, 2025 8:58 PM

views 87

দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি

ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া দেৱৰাজ উপাধ্যায়ক অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে। ৰাজ্যপালৰ অনুমোদন সাপেক্ষে আজি অসম চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বিভাগে এই সম্পৰ্কীয় অধিসূচনা জাৰি কৰিছে। উল্লেখযোগ্য যে ভাৰত ভূষণ দেৱ চৌধুৰীয়ে অৱসৰ গ্ৰহণ কৰাৰ পাছত লোকসেৱা আয়োগৰ অধ্যক্ষৰ পদটো খালী হৈ আছিল। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰপ্ৰাপ্ত দুগৰাকী বিষয়া মৃগেশ নাৰায়ণ বৰুৱা আৰু ভাস্কৰ ফুকনে বৰ্তমান অসম লোকসেৱা আয়োগৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

January 4, 2025 1:42 AM

views 50

ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হোৱা মাছমৰীয়াৰ পাৰস্পৰিক হস্তান্তৰৰ প্ৰক্ৰিয়া দেওবাৰে সমাপ্ত হোৱাৰ সম্ভাৱনা

ভাৰত আৰু বাংলাদেশৰ মাজত আৰম্ভ হোৱা মাছমৰীয়াৰ পাৰস্পৰিক হস্তান্তৰৰ প্ৰক্ৰিয়া অহা দেওবাৰে সমাপ্ত হোৱাৰ সম্ভাৱনা আছে বুলি বিদেশ মন্ত্ৰালয়ে প্রকাশ কৰিছে। এই পৰ্যায়ত বাংলাদেশত আবদ্ধ হৈ থকা ৯৫গৰাকী ভাৰতীয় আৰু ভাৰতত আবদ্ধ হৈ থকা ৯০গৰাকী বাংলাদেশী মাছমৰীয়াক মুকলি কৰি দিয়া হ'ব। মন্ত্ৰ্যালয়ে কালি প্ৰকাশ কৰা এটা বিবৃতি অনুসৰি ৯৫জন ভাৰতীয় মাছমৰীয়াক ইতিমধ্যে বাংলাদেশ উপকূলৰক্ষী বাহিনীক গতাই দিয়াৰ পাছত তেওঁলোকক ভাৰতীয় উপকূলৰক্ষী বাহিনীক গতাই দিয়া আৰু ইয়াৰ বিনিময় হিচাপে বাংলাদেশী মাছমৰীয়াসকলক ভ...

January 2, 2025 4:43 PM

views 47

দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত আকাশবাণীৰ সঞ্চালকপ্ৰধান প্ৰজ্ঞা পালিৱাল

আকাশবাণীৰ সঞ্চালকপ্ৰধান শ্ৰীমতী প্ৰজ্ঞা পালিৱাল গৌড় দুদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে। তেওঁ আজি গুৱাহাটীত আকাশবাণী আৰু দূৰদৰ্শনৰ বিষয়াবৰ্গৰ সৈতে মাধ্যম দুটাৰ কাম- কাজৰ পৰ্যালোচনা কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কাইলৈ গুৱাহাটীৰ পৰা ভার্চুৱেল ব্যৱস্থাৰে কোকৰাঝাৰৰ নতুন এফ এম ট্রান্সমিটাৰ উদ্বোধনৰ প্ৰস্তুতি সম্পর্কেও সঞ্চালকপ্ৰধানগৰাকীয়ে আকাশবাণীৰ বিষয়াসকলৰ সৈতে আলোচনা কৰে৷

December 30, 2024 12:43 PM

views 73

গোলাঘাটৰ খুমটাইত ৩ দিনীয়া কাৰ্যসূচীৰে খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন

গোলাঘাট জিলাৰ খুমটাইত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তৃতীয় পৰ্যায়ত খুমটাই উদ্ভিদ আৰু পুষ্প মহোৎসৱৰ আয়োজন কৰা হৈছে। মন্ত্ৰী অতুল বৰাই বিধায়ক মৃণাল শ‍ইকীয়াৰ সৈতে কালি এই উৎসৱ সন্দৰ্ভত আলোচনাত মিলিত হয়। এই প্ৰয়াসৰ জৰিয়তে ৰাইজে নতুন অভিজ্ঞতা লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। উদ্ভিদ আৰু ফুলৰ ব্যৱসায়ৰ সৈতে জড়িত যুৱ উদ্যমীসকলক উৎসাহ যোগোৱা তথা ৰাইজৰ হিতার্থে গ্ৰহণ কৰা এনে পদক্ষেপৰ বাবে তেওঁ বিধায়কগৰাকীক ধন্যবাদ জনায়।