April 3, 2025 7:54 PM

views 68

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা মাহত ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী

ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা মাহত ঘোষণা কৰা হ’ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ত মেধাৱী শিক্ষার্থীক টেবলেট বিতরণ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে। আৰোহণ আঁচনিৰ অধীনত শিক্ষাৰ্থীসকলক শৈক্ষিক কাম-কাজত সহায় কৰাৰ বাবে কালি টেবলেটসমূহ বিতৰণ কৰা হয়। এম ডি এম ছফ্টৱেৰৰ যোগেদি নিয়ন্ত্রিত হ'বলগীয়া এই টেবলেটসমূহত সামাজিক মাধ্যমৰ এপসমূহ বন্ধ কৰি ৰখা হৈছে। কালিব এই অনুষ্ঠানত শিক্ষাম...

April 3, 2025 7:52 PM

views 71

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগৰ অসম চৰকাৰ আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানলৈ জাননী জাৰি

ৰাষ্ট্ৰীয় মানৱাধিকাৰ আয়োগে ৰাজ্যৰ এটা ডিজিটেল পৰ্টেল চেনেলৰ এগৰাকী সাংবাদিকক গুৱাহাটীস্থিত অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাক কেন্দ্ৰ কৰি আটক কৰা আৰু পাছত গ্ৰেপ্তাৰ কৰা ঘটনা সন্দৰ্ভত অসম চৰকাৰ আৰু ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধানলৈ জাননী জাৰি কৰিছে। যোৱা ২৫ মাৰ্চত গুৱাহাটীৰ এই সাংবাদিকজনে বেংকটোত বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ সন্দৰ্ভত বেংক কৰ্তৃপক্ষক প্ৰশ্ন কৰাৰ পাছত তেওঁক আটক কৰা হৈছিল। অৱশ্যে সাংবাদিকগৰাকীয়ে জামিনত মুক্তি লাভ কৰিছিল। মানৱাধিকাৰ আয়োগে আজি জাৰি ক...

April 3, 2025 9:40 PM

views 59

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যৰ ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান

ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক সন্মানসমূহ প্ৰদান কৰে। অৱসৰপ্ৰাপ্ত সেনা বিষয়া লেফটেনেণ্ট জেনেৰেল বাণা প্রতাপ কলিতালৈ অসম বৈভৱ সন্মান আগবঢ়োৱা হয়। সংগীত শিল্পী দ্বীপেন বৰুৱা, নাট্যকাৰ হেমন্ত দত্ত, ক্ৰিকেটাৰ উমা চেত্ৰী আৰু টাটা কনছালটেন্সি ছাৰ্ভিচেছৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ড° এছ বামডুৰাই, ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° বাপ্পী পাল আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ ব...

April 1, 2025 1:07 PM

views 60

মুখ্যমন্ত্ৰীৰ উপস্থিতিত জামুগুৰিহাটত ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আন্তঃক্রীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন

■ দুদিনীয়া ভ্ৰমণসূচীৰে বিশ্বনাথত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই আজি জামুগুৰিহাটৰ ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আন্তঃক্রীড়া ক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব। এক কোটি ৭০ লাখ টকা ব্যয় সাপেক্ষে নতুনকৈ স্থাপন কৰিবলগীয়া এই ক্রীড়া প্ৰকল্পটোত দুখন বেডমিণ্টন কোর্ট, ৪ খন টেবল টেনিছ কোর্ট আৰু যোগাভ্যাস, শৰীৰচৰ্চা আৰু কাৰ্যালয়ৰ বাবে এটাকৈ কোঠা উপলব্ধ হ'ব। এই একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰিব। অনুষ্ঠানত নদুৱাৰ বিধানসভা সমষ্টিৰ বিধায...

April 1, 2025 1:01 PM

views 50

ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ কাইলৈ ভোটগ্ৰহণ

■ ৰাভা-হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন কাইলৈ অনুষ্ঠিত হ'ব। গোৱালপাৰা আৰু কামৰূপৰ মুঠ ৩৩টা পৰিষদীয় সমষ্টিত কাইলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৩ বজালৈ নিৰ্বাচনৰ ভোটগ্রহণ অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে গোৱালপাৰা জিলাত ১৯টা আৰু কামৰূপ জিলাত ১৪টা সমষ্টি আছে। নির্বাচনৰ বাবে জিলা দুখনৰ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে। আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনোৱা অনুসৰি জিলাখনৰ ১৯ টা সমষ্টিত ৩৬২ টা ভোটগ্রহণ কেন্দ্ৰত ২ লাখ ৪০ হাজাৰ ২৫ গৰাকী ভোটাৰে ৫২ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। কামৰূপ জিলাৰ ১৪ টা পৰিষদীয় সম...

April 1, 2025 12:53 PM

views 79

ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন

■ ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত আজিৰে পৰা গাঁও পঞ্চায়ত, নগৰীয়া স্থানীয় নিকায়, ভি চি ডি চি সমূহত স্বাস্থ্য আৰু কল্যাণ শিবিৰৰ আয়োজন কৰা হৈছে। স্বাস্থ্যবান অসম গঢ়ি তোলাৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপৰ অংশ হিচাপে স্বাস্থ্য আৰু কল্যাণ শিবিৰসমূহত মাতৃ আৰু শিশুৰ স্বাস্থ্য পৰীক্ষা, মধুমেহ, উচ্চ ৰক্তচাপ, মুখগহ্বৰৰ কৰ্কট ৰোগ আৰু মানসিক স্বাস্থ্য পৰীক্ষা কৰা হ'ব। যক্ষ্মা, কুষ্ঠ, মেলেৰিয়া, চিকল চে'ল ৰোগৰ পৰীক্ষাৰ লগতে চকুৰ যতন, নাক-কাণ, দাঁত আৰু শ্ৰৱন শক্তিৰ পৰীক্ষা কৰা হ'ব। ...

April 1, 2025 12:49 PM

views 50

গহপুৰত জিলা মইনা পাৰিজাতৰ তৃতীয় দ্বিবার্ষিক শিশু সমাৰোহৰ সামৰণি

● গহপুৰত অনুষ্ঠিত জিলা মইনা পাৰিজাতৰ তৃতীয় দ্বিবার্ষিক শিশু সমাৰোহৰ কালি সামৰণি পৰে। তিনি দিনীয়া কাৰ্যসূচীৰে মধ্য ছয়দুৱাৰ আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত শিশু সমাৰোহ থলী কন কন শিশুসকলৰ মাতত মুখৰিত হৈ পৰে। গহপুৰৰ কলাবাৰী, ছয়দুৱাৰ আদি অঞ্চলৰ বিভিন্ন শাখা ম‍ইনা পাৰিজাতৰ পৰা অহা প্ৰায় ৩০০ৰো অধিক শিশু আৰু শিশুপ্রেমী ব্যক্তিৰ উপস্থিতিত কালি মূল সভাখন অনুষ্ঠিত হয়। সভাখনত সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক দ্বিজেন বৰা, মুখ্য অতিথি, নগাঁও জিলা মইনা পাৰিজাতৰ সম্পাদক বিশ্বজিৎ কাকতি আৰু সদৌ অ...

April 1, 2025 12:46 PM

views 53

গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’ল চলাচলৰ সিদ্ধান্ত

■ উত্তৰ-পূব সীমান্ত ৰে'লৱে গ্ৰীষ্মকালত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণৰ বাবে ৪ টা যাত্ৰাৰ বাবে বিশেষ ৰে’ল চলাচলৰ সিদ্ধান্ত লৈছে। ৰে’লসমূহ অহা ১০ এপ্ৰিলৰ পৰা ৪ মে’লৈকে ছত্রপতি শিৱাজী মহাৰাজ টার্মিনাছ আৰু নাৰেংগী ষ্টেছনৰ মাজত আৰু ৬ ৰ পৰা ২৯ এপ্ৰিললৈ কোলহাপুৰ আৰু কাটিহাৰৰ মাজত প্ৰতিটো দিশত ৪ টা যাত্ৰাৰ বাবে চলাচল কৰোৱা হ'ব। ০১০৬৫ নম্বৰৰ বিশেষ ৰে'লখন ১০ এপ্ৰিলৰ দিনৰ ১১ বাজি ৫ মিনিটত ছত্রপতি শিৱাজী টার্মিনাছৰ পৰা যাত্ৰা কৰি ১২ এপ্ৰিলৰ দিনৰ ১১ বজাত নাৰেঙ্গীত উপস্থিত হ'ব। একেদৰে ০১০৬৬ নম্বৰৰ ৰে’লখন ১৩ ...

April 1, 2025 12:28 PM

views 71

বতৰৰ বতৰাঃ

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সর্বনিম্ন তাপমাত্রা ১৬.৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বতৰ বিজ্ঞান কেন্দ্ৰই এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। আনহাতে, মেঘালয়, নাগালেণ্ড, মিজোৰাম, আৰু মণিপুৰত বতৰ ফৰকাল হৈ থাকিব বুলি কেন্দ...

April 1, 2025 12:25 PM

views 58

দিনৰ ১.২০ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘প্ৰাসংগিক’ অনুষ্ঠানত ‘আপুনি কেনে আছে’ শীৰ্ষক অনুষ্ঠান

● যোৱা ২৯ মাৰ্চত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আয়োজন কৰা ‘আপুনি কেনে আছে' শীৰ্ষক অনুষ্ঠানৰ আধাৰত প্ৰস্তুত কৰা এটা বিশেষ অনুষ্ঠান আজি দিনৰ ১ বাজি ২০ মিনিটত প্ৰাসংগিক অনুষ্ঠানত শুনিবলৈ পাব। অনুষ্ঠানটি প্রযোজনা কৰিব আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰে।