● গহপুৰত অনুষ্ঠিত জিলা মইনা পাৰিজাতৰ তৃতীয় দ্বিবার্ষিক শিশু সমাৰোহৰ কালি সামৰণি পৰে। তিনি দিনীয়া কাৰ্যসূচীৰে মধ্য ছয়দুৱাৰ আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত অনুষ্ঠিত শিশু সমাৰোহ থলী কন কন শিশুসকলৰ মাতত মুখৰিত হৈ পৰে। গহপুৰৰ কলাবাৰী, ছয়দুৱাৰ আদি অঞ্চলৰ বিভিন্ন শাখা মইনা পাৰিজাতৰ পৰা অহা প্ৰায় ৩০০ৰো অধিক শিশু আৰু শিশুপ্রেমী ব্যক্তিৰ উপস্থিতিত কালি মূল সভাখন অনুষ্ঠিত হয়। সভাখনত সদৌ অসম মইনা পাৰিজাতৰ সহকাৰী সম্পাদক দ্বিজেন বৰা, মুখ্য অতিথি, নগাঁও জিলা মইনা পাৰিজাতৰ সম্পাদক বিশ্বজিৎ কাকতি আৰু সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক সদস্য শৰৎ মহন্তই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে।
Assamese | April 1, 2025 12:49 PM | Akashvani Guwahati | Akashvani News | Gahpur
গহপুৰত জিলা মইনা পাৰিজাতৰ তৃতীয় দ্বিবার্ষিক শিশু সমাৰোহৰ সামৰণি