ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা মাহত ঘোষণা কৰা হ’ব বুলি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰিছে। কালি কাহিলিপাৰাৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ত মেধাৱী শিক্ষার্থীক টেবলেট বিতরণ অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্ৰীগৰাকীয়ে এই কথা প্রকাশ কৰে। আৰোহণ আঁচনিৰ অধীনত শিক্ষাৰ্থীসকলক শৈক্ষিক কাম-কাজত সহায় কৰাৰ বাবে কালি টেবলেটসমূহ বিতৰণ কৰা হয়। এম ডি এম ছফ্টৱেৰৰ যোগেদি নিয়ন্ত্রিত হ’বলগীয়া এই টেবলেটসমূহত সামাজিক মাধ্যমৰ এপসমূহ বন্ধ কৰি ৰখা হৈছে। কালিব এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ পেগুৱে ৰাজ্যৰ ২৫ হাজাৰ প্ৰাথমিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ কথাও উল্লেখ কৰে।
Assamese | April 3, 2025 7:54 PM | Akashvani Guwahati | Assam Education Minister | Dr. Ranoj Pegu
ৰাজ্যৰ স্নাতক আৰু স্নাতকোত্তৰ শিক্ষক পদ নিযুক্তি পৰীক্ষাৰ ফলাফল অহা মাহত ঘোষণা কৰা হ’বঃ শিক্ষামন্ত্রী