October 26, 2024 8:16 PM

views 57

‘ছেমি কণ্ডাক্টৰ উদ্যোগঃ উত্তৰ-পূব ভাৰতত প্ৰযুক্তিগত প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহ’ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৰ অংশগ্রহণ

শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে আজি গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত ছেমি কণ্ডাক্টৰ উদ্যোগঃ উত্তৰ-পূব ভাৰতত প্ৰযুক্তিগত প্ৰত্যাহ্বান আৰু সম্ভাৱনাসমূহ শীৰ্ষক এখন আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰত অংশগ্রহণ কৰে। এই অনুষ্ঠানে শিক্ষাৰ সৈতে উদ্যোগক সমন্বিত কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত ছেমি কণ্ডাক্টৰ খণ্ডৰ উদ্ভাৱনী আৰু ষ্টার্টআপৰ সম্ভাৱনাসমূহ অন্বেষণ কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে। ইয়াৰ লগতে সকলো শিক্ষানুষ্ঠানক শিক্ষা, গৱেষণা আৰু শিক্ষাৰ্থীসকলৰ দক্ষতা বিকাশৰ জৰিয়তে ছেমি কণ্ডাক্টৰ উদ্যোগত সুফ...

October 26, 2024 8:10 PM

views 53

অবৈধ ট্রেডিঙৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন, চুমি বৰাসহ ৮ জন অভিযুক্তক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়

অবৈধ ট্রেডিঙৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা বিশাল ফুকন, চুমি বৰা নামৰ ৮ জন অভিযুক্তক আজি কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আদালতে আটাইকেইজন অভিযুক্তকে গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰে। অহা ২৮ অক্টোবৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই অভিযুক্তকেইজনক চিবিআইৰ বিশেষ আদালতত হাজিৰ কৰোৱাই জিম্মাত লোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অসম চৰকাৰে অবৈধ অনলাইন ট্রেডিং সন্দৰ্ভত ৰুজু হোৱা ৪১ টা গোচৰৰ তদন্তৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থ...

October 13, 2024 8:02 PM

views 82

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্নৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন

ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ কালি দশমী বিহিত পূজা আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্ৰিকা আৰু ঘট বিসর্জন প্রক্রিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত আজিও দেৱীৰ মৃণ্ময় প্রতিমা বিসর্জন দিয়া হৈছে। গুৱাহাটী মহানগৰীত কালিৰে পৰা তিনিদিনীয়াকৈ প্ৰতিমা বিসৰ্জনৰ ব্যৱস্থা কৰা হৈছে। কালি ৫৫ খন প্রতিমা বিসর্জন দিয়াৰ পাছত আজি দুই শতাধিক প্রতিমা বিসর্জন দিয়া হয়। জিলা প্রশাসনে নিৰ্ধাৰণ কৰি দিয়া ২৭টা ঘাটত বিসর্জন প্রক্রিয়া সম্প্রতিও অব্যাহত আছে। প্ৰতিমাৰ সংখ্যালৈ চাই কোনো কোনো ঘাটত পুৱতি নিশালৈকে ব...

October 12, 2024 7:11 PM

views 68

গুৱাহাটীত ৫৫ খন প্রতিমা বিসর্জন দিয়া হ’ব

আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ আজি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্ৰক্ৰিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃণ্ময় প্রতিমা বিসর্জন দিয়া হ’ব। গুৱাহাটী মহানগৰীত আজিৰে পৰা ৩ দিনীয়াকৈ প্ৰতিমা বিসর্জনৰ ব্যৱস্থা কৰা হৈছে। বিসর্জন প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাৰ্ট পথসমূহত যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰি...

October 5, 2024 9:54 AM

views 72

৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ

চলিত বৰ্ষৰ ৩০ নৱেম্বৰৰ পৰা ৩ ডিচেম্বৰলৈ গুৱাহাটীত ভাৰত আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান মহোৎসৱ অনুষ্ঠিত হ'ব। বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়, পৃথিৱী বিজ্ঞান মন্ত্ৰ্যালয় আৰু বিজ্ঞান ভাৰতীৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই বিজ্ঞান মহোৎসৱৰ উদ্দেশ্য হৈছে – বৈজ্ঞানিক ধাৰণাৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰা, সাফল্যক স্বীকৃতি দিয়া আৰু ভাৰতীয় জনসাধাৰণৰ মাজত বৈজ্ঞানিক সজাগতা বৃদ্ধি কৰা। কালি অনুষ্ঠিত এখন সংবাদমেলত কেন্দ্রীয় মন্ত্রী জিতেন্দ্র সিঙে কয় যে বিজ্ঞান মহোৎসৱত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞৰ আলোচ...

October 4, 2024 10:51 AM

views 49

কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ’ব

■ প্ৰশাসনীয় ব্যৱস্থা নিয়াৰিকৈ পৰিচালনাৰ লক্ষ্যৰে আজি আৰু কাইলৈ পৰ্যায়ক্ৰমে ৰাজ্যৰ ২১ খন জিলাত ৩৯ খন সম-জিলা উদ্বোধন কৰা হ'ব। উল্লেখযোগ্য যে ধুবুৰী জিলাৰ বিলাসীপাৰা, গোলকগঞ্জ, বঙাইগাঁৱৰ অভয়াপুৰী, কামৰূপ জিলাৰ ৰঙিয়া, নগাঁও জিলাৰ কলিয়াবৰ আৰু ৰহাক সম-জিলা হিচাপে ঘোষণা কৰা হৈছে। একেদৰে বিশ্বনাথৰ গহপুৰ আৰু বিহালী, লখিমপুৰ জিলাৰ ঢকুৱাখনা, ধেমাজিৰ জোনাইক সমজিলা হিচাপে স্বীকৃতি দিয়া হৈছে। আনহাতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা, ডুমডুমা আৰু শদিয়া সম-জিলা হ'ব। ইফালে, শিৱসাগৰৰ নাজিৰা আৰু ডিমৌ, যোৰহাটৰ...

October 1, 2024 10:32 AM

views 65

ৰাজ্যৰ ১১৩ গৰাকী আৰক্ষী বিষয়া-কৰ্মচাৰীলৈ ২০২৪ বৰ্ষৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰশংসাসূচক পদক

■ ৰাজ্যৰ ১১৩ গৰাকী আৰক্ষী বিষয়া-কৰ্মচাৰীলৈ ২০২৪ বৰ্ষৰ আৰক্ষী সঞ্চালকপ্ৰধানৰ প্ৰশংসাসূচক পদক আগবঢ়োৱা হৈছে। ইয়াৰে ১১ গৰাকীক সোণৰ, ১০২ গৰাকীক ৰূপৰ পদক প্ৰদান কৰা হ'ব। অসম আৰক্ষীয়ে এটা বিবৃতিযোগে এই কথা প্ৰকাশ কৰিছে।

September 28, 2024 6:23 PM

views 66

কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ অংশগ্ৰহণ

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে আজি কটন বিশ্ববিদ্যালয়ত আয়োজিত তৃতীয় ভাৰত-জাপান শিক্ষা সন্মিলনত অংশগ্ৰহণ কৰে। ভাষণ প্ৰসংগত শ্ৰী ৰিজিজুৱে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে জাপানৰ সৈতে আন্তঃসম্পৰ্ক ত্বৰান্বিত কৰিবলৈ সমৰ্থ হৈছে। এই আন্তঃসম্পর্কত শিক্ষা এটা মূল চালিকা শক্তি বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শিক্ষা, বাণিজ্য আৰু সাংস্কৃতিক ক্ষেত্ৰত এই মিত্ৰতাই সৰ্বসাধাৰণৰ জীৱনো স্পৰ্শ কৰা বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ্থীসকলে দুয়...

September 26, 2024 9:29 PM

views 42

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ কাৰ্যালয়ত বাতৰি পৰিৱেশক, নাট-বৰগীতৰ শিল্পী গোলাপ শ‍ইকীয়াৰ স্মৃতিচাৰণ

ক'ভিডত আক্ৰান্ত হৈ অকালতে প্ৰাণ হেৰুওৱা আকাশবাণী গুৱাহাটীৰ অংশকালীন বাতৰি পৰিৱেশক, নাট তথা বৰগীতৰ শিল্পী গোলাপ শ‍ইকীয়াৰ পঞ্চম মৃত্যু দিৱস উপলক্ষে আজি কেন্দ্ৰটোৰ আঞ্চলিক বাতৰি বিভাগৰ কাৰ্যালয়ত স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয়। ২০২০ চনৰ আজিৰ দিনটোতে ক'ভিডত আক্ৰান্ত হৈ শ‍ইকীয়াৰ দেহাৱসান হৈছিল। আজি স্মৃতিচাৰণ অনুষ্ঠানত দূৰদৰ্শনৰ পাটনাৰ আঞ্চলিক বাতৰি বিভাগৰ মুৰব্বী ছলমান হায়দৰ উপস্থিত থাকি প্ৰয়াত বাতৰি পৰিৱেশকগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু স্মৰণৰ বাবে আকাশবাণীয়ে লোৱা এই পদক্ষেপক প্ৰশংসা কৰে।...

September 23, 2024 3:04 PM

views 53

গুৱাহাটী মহানগৰীৰ সৰু মটৰীয়াত সন্দেহজনকভাৱে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত

গুৱাহাটী মহানগৰীৰ সৰু মটৰীয়াত আজি সন্দেহজনকভাৱে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ড সংঘটিত হয়। এই অগ্নিকাণ্ডৰ ঘটনাত কেইবাখনো দোকান ভস্মীভূত হোৱা বুলি জানিব পৰা গৈছে।