March 27, 2025 11:13 AM

views 57

আজি ঘোষণা কৰা হ’ব ‘গুণোৎসৱ, ২০২৫’-ৰ ফলাফল

● গুণোৎসৱ, ২০২৫-ৰ ফলাফল আজি ঘোষণা কৰা হ'ব। এই উপলক্ষে গুৱাহাটী শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত চলিত বৰ্ষৰ গুণগত মানৰ ঐক্যসাজ প্ৰদান আৰু মুক্ত, নিকা তথা স্বচ্ছভাৱে মূল্যায়ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে বাছনিকৃত তিনিখন জিলাক প্রশংসামূলক বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ উপৰি অনুষ্ঠানত আৰোহণ কাৰ্যসূচীৰ অধীনত ৪,৩২০ গৰাকী শিক্ষাৰ্থীক টেবলেট প্ৰদান কৰা হ’ব আৰু যোৱাবছৰৰ গুণোৎসৱত এ প্লাছ গ্ৰেড লাভ কৰা ১১,৫৯৪ খন বিদ্যালয়ক উৎকৃষ্টতাৰ স্বীকৃতি আৰু ২৫ হাজাৰ টকাকৈ উদগনিমূলক অনুদান আগবঢ়োৱা হ'ব। উল্...

February 14, 2025 8:10 PM

views 47

কুম্ভমেলালৈ গৈ পথ দুৰ্ঘটনাত গুৱাহাটীৰ তেতেলীয়াৰ আনন্দ জ্যোতি মহন্ত নামৰ এজন লোকৰ মৃত্যু

প্ৰয়াগৰাজত অনুষ্ঠিত কুম্ভমেলালৈ গৈ এটা পথ দুৰ্ঘটনাত পতিত হৈ গুৱাহাটীৰ তেতেলীয়াৰ আনন্দ জ্যোতি মহন্ত নামৰ এজন লোকৰ মৃত্যু হৈছে। ১১ ফেব্ৰুৱাৰীৰ দিনা পৰিয়ালৰ অন্যান্য সদস্যৰ এটা ৭ জনীয়া দল তেতেলিয়াৰ পৰা এখন বাহনেৰে প্ৰয়াগৰাজ অভিমুখে ৰাওনা হৈছিল। দলটো কুম্ভমেলাত স্থআন কৰি উভতি অহাৰ পিছত আজি পুৱা প্ৰায় ৬ বজাত ঝাৰখণ্ডৰ গয়াত বাহনখন দুৰ্ঘটনাত পতিত হয়। বাহনখনে ট্ৰাকৰ পিছফালে প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত চালকৰ আসনত থকা আনন্দ জ্যোতি মহন্ত থিতাতে মৃত্যু হয়। বাহনখনৰ আন ৬ জন লোকো কম বেছি পৰিমাণে আঘ...

February 14, 2025 8:08 PM

views 54

গণেশগুৰিৰ কালি মন্দিৰৰ সমীপত পদপথৰ ফুলৰ ব্যৱসায়ীক চুৰিৰে আক্ৰমণ এজন যুৱকৰ

গুৱাহাটীৰ গণেশগুৰিৰ উৰণ সেঁতুৰ পাৰ্শ্বৱৰ্তী কালি মন্দিৰৰ নিচেই সমীপতে আজি এজন যুৱকে পদপথৰ এগৰাকী ফুলৰ ব্যৱসায়ীক চুৰিৰে আক্ৰমণ কৰে। আক্ৰমণকাৰী যুৱকজন পদপথৰ ব্যৱসায়ীক ফুল পুলিৰ যোগান ধৰা বুলি জানিব পৰা গৈছে। চুৰিৰ আঘাতত আহত ব্যৱসায়ীগৰাকীৰ নাম ভূপেন বর্মন। গুৰুতৰভাৱে আঘাতপ্রাপ্ত ভূপেন বৰ্মন সম্প্রতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে।

February 14, 2025 6:26 PM

views 60

গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন

গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মী পুলিন দাসৰ ‘আছিল প্ৰেয়সী মোৰ’ শীৰ্ষক কাব্যগ্ৰন্থখন আজি দিছপুৰ প্ৰেছ ক্লাবত জ্যেষ্ঠ সাংবাদিক দেৱজিৎ ভূঞাই উন্মোচন কৰে। সংগ্রামী জীৱনৰ মাজেৰে জীৱন অতিবাহিত কৰা পুলিন দাস বহুতৰ বাবে অনুপ্ৰেৰণা হ'ব বুলি শ্ৰী ভূঞাই উল্লেখ কৰে। জ্যেষ্ঠ সাংবাদিক ফণীধৰ পাঠকে সঞ্চালনা কৰা এই অনুষ্ঠানত কেইবাগৰাকী লেখক-সাংবাদিক উপস্থিত থাকে।

January 31, 2025 10:39 AM

views 62

গুৱাহাটীৰ নুনমাটিৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰ আখৰ এ আই নামৰ টকিং এপ মুকলি

■ গুৱাহাটীৰ নুনমাটিৰ লুইত নগৰৰ দুই ভাতৃ ইন্দ্ৰনীল আৰু কাব্যনীল তালুকদাৰে আখৰ এ আই নামৰ টকিং এপ বিকশাই তুলিছে। এই এপৰ জৰিয়তে কৈ থকা কথা স্বয়ংক্রিয়ভাৱে কম্পিউটাৰত টাইপ হ'ব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সুলেখক কুল শ‍ইকীয়াই কালি গুৱাহাটী প্ৰেছ ক্লাবত কৃত্রিম বুদ্ধিমত্তাৰে নিৰ্মিত আখৰ এ আই নামৰ এই কম্পিউটাৰ এপ্লিকেচনটো আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে শ্ৰী শ‍ইকীয়াই কয়, যে ইন্দ্ৰনীল আৰু কাব্যনীলে কৃত্রিম বুদ্ধিমত্তা প্ৰয়োগ কৰি যি কাম কৰি দেখুৱালে সেই কামে আমাক গৌৰৱান্বিত কৰি তুলিছে। অন...

January 28, 2025 8:47 PM

views 68

উমৰাংছ’ৰ কয়লাখনিত শ্ৰমিকৰ মৃত্যুৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু

ডিমা হাচাও জিলাৰ উমৰাংছ’ৰ কয়লাখনিত কেইবাজনো শ্ৰমিকৰ মৃত্যু হোৱাৰ ঘটনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে এটা নিজাববীয়া ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু কৰিছে। এই গোচৰটোৰ ভিত্তিত আজি শুনানি লৈ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণই আৰু ন্যায়াধীশ কৌশিক গোস্বামীৰ খণ্ড বিচাৰপীঠে ৰাজ্যত এন্দুৰৰ গাঁত সদৃশ খনন বন্ধ কৰাৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। শুনানি কালত মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই উমৰাংছ'ৰ কয়লাখনিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে অৱসৰ...

January 28, 2025 8:16 PM

views 41

ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চৌহদত অনুষ্ঠিত

হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চৌহদত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ আচাৰ্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু গুৱাহাটী বিশ্ববিদ্যালয় উপাচার্য ড° ননী গোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ পৰা কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগত উত্তীৰ্ণ মুঠ ২৩১ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ইয়াৰ ভিতৰত তিনিগৰাকীক সোণৰ পদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শিক্ষার্থীও আছে। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল আচাৰ্যই বিশ্ববিদ্যালয়সমূহ কেৱল ডিগ্ৰী প্ৰদ...

January 27, 2025 3:01 PM

views 50

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত শিক্ষাৰ্থীৰ পৰীক্ষাৰ চাপ নিয়ন্ত্রণ সন্দৰ্ভত কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ যুটীয়া সচিব ড° শ্বেতা আৰোৰা আৰু সৰ্ব ভাৰতীয় আয়ুর্বিজ্ঞান প্ৰতিষ্ঠানৰ মনোৰোগ বিষয়ৰ অধ্যাপক ড° ৰাজেশ সাগৰৰ সৈতে হোৱা এলানি বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পৰীক্ষাৰ চাপৰ কাৰণ, ইয়াৰ পৰা মুক্তিৰ উপায় আৰু পৰীক্ষাৰ সময়ত ম...

January 24, 2025 6:48 PM

views 43

গণৰাজ্য দিৱসৰ প্ৰস্তুতিঃ কুচকাৱাজৰ সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি

গণৰাজ্য দিৱসৰ প্ৰস্তুতি হিচাপে অসম আৰক্ষীয়ে গুৱাহাটীৰ লতাশিল আৰু পানবজাৰ অঞ্চলৰ বিভিন্ন পথেৰে কাইলৈ বিয়লি প্ৰাক্‌-গণৰাজ্য দিৱসৰ বিশেষ কুচকাৱাজৰ আয়োজন কৰিছে। কুচকাৱাজৰ এই সময়ছোৱাত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু সালসলনি ঘটোৱা হৈছে। সেই অনুসৰি লতাশিল খেলপথাৰৰ পৰা কুচকাৱাজ আৰম্ভ হোৱাৰ পাছত এম জি পথেৰে ভৰলুমুখৰ পৰা অহা সকলো বাহনে তাৰকাগৃহ পইণ্ট অভিমুখে যাব লাগিব। কুচকাৱাজে তৈয়বুল্লা পথ অতিক্ৰম কৰাৰ পাছত এই বাধা নাথাকিব। কুচকাৱাজ জিলা পুঁথিভঁৰাল অভিমুলখে অগ্ৰসৰ হোৱাৰ পাছত এ টি ৰোডৰ পৰা জি এন বি ৰো...

January 22, 2025 8:28 PM

views 48

সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত ৬জন লোকক গ্ৰেপ্তাৰ

অসম চৰকাৰে ৰাজ্যত গো হত্যা নিষিদ্ধ কৰাৰ পৰিপ্ৰেক্ষিতত এটা সামাজিক মাধ্যমত গো হত্যাৰ দৃশ্য আপলোড কৰাৰ অভিযোগত গুৱাহাটী মহানগৰ আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। ধৃত লোককেইজন কামৰূপ জিলাৰ ছয়গাওঁ আৰক্ষী থানাৰ অন্তৰ্গত আচলপাৰাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। অসম পশুধন সংৰক্ষণ আইনৰ অধীনত হাতীগাওঁ আৰক্ষী থানাত এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছিল।