May 17, 2024 12:40 PM

views 54

অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল স্বাতী মালিৱালৰ

আম আদমী পাৰ্টীৰ ৰাজ্যসভাৰ সাংসদ স্বাতী মালিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ব্যক্তিগত সহায়কগৰাকীয়ে অসৎ আচৰণ কৰাৰ ঘটনাক লৈ দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। শ্ৰীমতী মালিৱালে সামাজিক মাধ্যম যোগে কৈছে যে, তেওঁ ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত জবানবন্দী দিছে। এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সাংসদগৰাকীয়ে আশাপ্রকাশ কৰিছে শ্ৰীমতী মালিৱালে বিজেপিক এই ঘটনাক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনাইছে। অন্য এটা দলৰ নিৰ্দেশ মৰ্মে এনে ধৰণৰ অভিযোগ উত্থাপন কৰা বুলি মন্তব্য কৰি একাংশ লোকে তেওঁৰ...

May 11, 2024 8:19 PM

views 64

বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ কেজৰিৱালৰ

আম আদমী পাৰ্টিৰ জ্যেষ্ঠ নেতা অৰবিন্দ কেজৰিৱালে আজি বিজেপিয়ে এখন ৰাষ্ট্ৰ এজন নেতাৰ ধাৰণাক প্ৰচাৰ কৰা বুলি অভিযোগ উত্থাপন কৰিছে। শ্ৰীকেজৰিৱালে কয় যে, বিজেপিয়ে নানা ভুৱা অভিযোগেৰে আম আদমী পার্টিক চূৰ্ণ কৰিব বিচাৰিছে, কিন্তু এয়া সম্ভৱ নহয় কাৰণ আম আদমী পাৰ্টি কেৱল এটা ৰাজনৈতিক দল নহয় বৰং ই এটা আদর্শবাদ। নতুন দিল্লীত এখন সংবাদমেলত কেজৰিৱালে কেন্দ্ৰত আই এন ডি আই মিত্ৰজোটে পৰৱৰ্তী চৰকাৰ গঠন কৰিব আৰু আপ চৰকাৰৰ অংশ হ'ব আস্থা ব্যক্ত কৰে। ইয়াৰ লগতে তেওঁ বিজেপিক কলংকিত আৰু দুৰ্নীতিগ্ৰস্ত নেতাক দলত অন্...

May 8, 2024 4:31 PM

views 54

অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বৰং শক্তিশালীহে কৰিছেঃ আপ

আম আদমী পাৰ্টীয়ে আজি কৈছে যে, অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বৰং শক্তিশালীহে কৰিছে। আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কৈছে যে, যদিও তেওঁলোকৰ দলৰ বহুকেইজন নেতা কাৰাবন্দী হৈ আছে তথাপি দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে তীব্ৰভাৱে প্ৰচাৰ অভিযান চলাইছে। গোপাল ৰায়ে কৈছে যে, দিল্লী চৰকাৰৰ নীতিসমূহে মহিলা, বয়োজ্যেষ্ঠ, ব্যৱসায়ী আৰু শ্রমিক শ্ৰেণীৰ লোকসকলৰ লগতে দিল্লীৰ সমূহ স্তৰৰ নাগৰিকৰ প্ৰতি সুবিধা আগবঢ়াইছে। আপ, বিজেপি আৰু কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ বাবে ৰ...

April 7, 2024 8:51 PM

views 59

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত আম আদমী পাৰ্টীৰ সামূহিক অনশন

আম আদমী পাৰ্টীয়ে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদ কৰিবলৈ সামূহিক অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আটিশী, সঞ্জয় সিং তথা গোপাল ৰায়কে ধৰি দলটোৰ নেতাসকলে আজি পুৱা নতুন দিল্লীৰ জন্তৰ-মন্তৰত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। দলীয় কৰ্মকৰ্তাসকলক সম্বোধন কৰি সঞ্জয় সিঙে কয় যে, ঘটনাটোৰ প্ৰত্যক্ষদৰ্শীৰ সাক্ষী তথা সকলো প্ৰমাণৰ ক্ষেত্ৰত জালিয়াতি কৰা হৈছে। কেন্দ্ৰই চৰকাৰী সংস্থাসমূহৰ অপব্যৱহাৰ কৰা বুলি তেওঁ অভিযোগ তোলে। ইতিমধ্যে অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে চৰকাৰী পুঁজিৰ অপব্যৱহাৰ তথ...

April 6, 2024 7:21 PM

views 69

মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপনৰ বাবে বিজেপিক তীব্র সমালোচনা

আম আদমী পাৰ্টীয়ে দল আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰাৰ বাবে বিজেপিক তীব্র সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত দলৰ নেতা তথা মন্ত্রী আতিশীয়ে বিজেপিয়ে আম আদমী পাৰ্টিৰ নেতাসকলক দুর্বল কৰাৰ বাবে চৰকাৰী ব্যৱস্থাৰ অপব্যৱহাৰ কৰা বুলি অভিযোগ কৰে। নেতাগৰাকী বিধি বলৱৎকাৰী সঞ্চালকালয়ে আবকাৰী কেলেংকাৰী গোচৰত ধন লাভ কৰা নাই বুলি দাবী কৰে। এই প্ৰসংগত গোৱাৰ আদালতে অৰৱিন্দ কেজৰিৱালৰ বিৰুদ্ধে থকা গোচৰ বাতিল কৰাৰ কথা শ্ৰীমতী আতিশীয়ে উল্ল...

April 5, 2024 8:44 PM

views 66

আপৰ অভিযোগঃ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে

◊ আম আদমী পাৰ্টীয়ে আজি অভিযোগ কৰে যে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ষড়যন্ত্ৰৰ বলি কৰি কাৰাগাৰত বন্দী কৰি ৰখা হৈছে। নতুন দিল্লীত সংবাদ মাধ্যমক অৱগত কৰি আপৰ নেতা সঞ্জয় সিঙে অভিযোগ কৰে যে সাংসদ মগুন্তা ৰেড্ডীক কেজৰিৱালৰ বিৰুদ্ধে ভুৱা বক্তব্য দিবলৈ হেঁচা প্ৰদান কৰা হৈছিল আৰু যেতিয়া তেওঁ নাকচ কৰিছিল তেতিয়া তেওঁৰ পুত্ৰ ৰাঘৱ ৰেড্ডীক গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ লগতে কয় যে নিৰন্তৰ সোধা-পোছাৰ অন্তত ৰাঘৱ ৰেড্ডীয়ে কেজৰিৱালৰ বিৰুদ্ধে নিজৰ বক্তব্য সলনি কৰে আৰু ইয়াৰ ফলতে আপৰ নেতাসকলক ভুৱা অভিযোগত অভিযুক্...

April 5, 2024 8:42 PM

views 56

দিল্লীৰ এখন আদালতৰ কেজৰিৱাল সৈতে নিজা অধিবক্তাৰ আইনী বৈঠকৰ সংখ্যা সপ্তাহত ২ৰ পৰা ৫লৈ বৃদ্ধিৰ অনুৰোধ সংৰক্ষণ

♦দিল্লীৰ এখন আদালতে আজি মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ অধিবক্তাৰ সৈতে আইনী বৈঠকৰ সংখ্যা, সপ্তাহত দুবাৰৰ পৰা পাঁচবাৰলৈ বৃদ্ধি কৰাৰ বাবে কৰা অনুৰোধটো সংৰক্ষণ কৰে। ৰাউজ এভিনিউ আদালতৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই বিষয়টোৰ ওপৰত আদেশ পাবলৈ ৯ এপ্ৰিলৰ দিনটো ধাৰ্য কৰিছে। উল্লেখযোগ্য যে সোমবাৰে আদালতে আবকাৰী নীতিৰ কেলেংকাৰীত ধন সৰবৰাহৰ গোচৰৰ সৈতে জড়িত মুখ্যমন্ত্রী কেজৰিৱালক ১৫ এপ্ৰিললৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।

April 5, 2024 6:55 PM

views 98

আম আদমী পাৰ্টিৰ নেত্ৰী তথা দিল্লীৰ মন্ত্ৰী আতিশীলৈ নির্বাচন আয়োগৰ জাননী

নির্বাচন আয়োগে আজি আম আদমী পাৰ্টিৰ নেত্ৰী তথা দিল্লীৰ মন্ত্ৰী আতিশীলৈ জাননী জাৰি কৰিছে। নিজৰ ৰাজনৈতিক ভৱিষ্যৎ ৰক্ষা কৰাৰ উদ্দেশ্যে বিজেপিত যোগদান কৰিবলৈ আতিশীক কোৱা হৈছিল বুলি তেওঁ অনা অভিযোগ সন্দৰ্ভত এই জাননী জাৰি কৰা হৈছে। এই জাননীৰ জৰিয়তে সোমবাৰৰ বিয়লিৰ পূৰ্বে প্ৰত্যুত্তৰ দিবলৈ তেওঁক কোৱা হৈছে। নেতাসকলে ৰাজহুৱা মঞ্চৰ জৰিয়তে প্ৰকাশ কৰা কথাসমূহ জনসাধাৰণে বিশ্বাস কৰে বুলি জাননীখনত উল্লেখ কৰি আয়োগে কয় যে, ই দৃষ্টিভংগীৰ পৰা এনেধৰণৰ বিবৃতিয়ে প্ৰচাৰ অভিযানত প্ৰভাৱ পেলাব পাৰে।নেত্ৰীগৰাকীৰ বক্ত...

April 3, 2024 8:39 PM

views 57

আপৰ নেতা সঞ্জয় সিঙক আৱকাৰী নীতি কেলেংকাৰী গোচৰত সাক্ষ্য প্রমাণ বিনষ্ট নকৰিবলৈ দিল্লীৰ এখন আদালতৰ নিৰ্দেশ

♦ দিল্লীৰ এখন আদালতে আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙক আৱকাৰী নীতি কেলেংকাৰী গোচৰত সাক্ষ্য প্রমাণ বিনষ্ট অথবা সাক্ষী সকলক প্ৰভাৱিত নকৰিবলৈ নিৰ্দেশ দিছে। বিশেষ ন্যায়াধীশ কাৱেৰী বৱেজাই আজি তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁক মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ পূৰ্বে এইদৰে নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে কালি সঞ্জয় সিঙৰ জামিন মঞ্জুৰ কৰিছে। যোৱা বছৰ অক্টোবৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ন্যায়াধীশ বৱেজাই লগতে ৰাজ্যসভাৰ সাংসদগৰাকীক পাৰপত্ৰ জমা দিবলৈ আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ এৰাৰ পূর্বে যাত্ৰাসূচী বিষয়...

April 3, 2024 1:51 PM

views 65

পঞ্জাবৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুগৰাকী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ আপৰ

♦ আম আদমী পাৰ্টীয়ে লোকসভা নিৰ্বাচনত পঞ্জাবৰ বিভিন্ন সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া দুগৰাকী প্ৰাৰ্থীৰ আৰু এখন তালিকা প্রকাশ কৰিছে। সেই অনুসাৰে ৰাজকুমাৰ চবেবৱালে হোচিয়াৰপুৰ আৰু মালৱিন্দ্ৰ সিং কাঙে আনন্দপুৰ চাহিব সমষ্টিৰপৰা নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব।