♦ দিল্লীৰ এখন আদালতে আম আদমী পাৰ্টীৰ নেতা সঞ্জয় সিঙক আৱকাৰী নীতি কেলেংকাৰী গোচৰত সাক্ষ্য প্রমাণ বিনষ্ট অথবা সাক্ষী সকলক প্ৰভাৱিত নকৰিবলৈ নিৰ্দেশ দিছে। বিশেষ ন্যায়াধীশ কাৱেৰী বৱেজাই আজি তিহাৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা তেওঁক মুকলি কৰাৰ নিৰ্দেশ দিয়াৰ পূৰ্বে এইদৰে নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ে কালি সঞ্জয় সিঙৰ জামিন মঞ্জুৰ কৰিছে। যোৱা বছৰ অক্টোবৰত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। ন্যায়াধীশ বৱেজাই লগতে ৰাজ্যসভাৰ সাংসদগৰাকীক পাৰপত্ৰ জমা দিবলৈ আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ এৰাৰ পূর্বে যাত্ৰাসূচী বিষয়ে অৱগত কৰিবলৈ আৰু মোবাইলৰ লোকেশ্বন সদায় অন কৰি ৰাখিবলৈ নিৰ্দেশ দিয়ে। ন্যায়াধীশগৰাকীয়ে সঞ্জয় সিঙক ২ লাখ টকাৰ ব্যক্তিগত বণ্ড আৰু সম পৰিমাণৰ আমানতৰ ধন জমা দিবলৈও নির্দেশ দিয়ে।
Assamese | April 3, 2024 8:39 PM | AAP | Arvind Kejriwal | Delhi CM | Excise Policy Scam | India
আপৰ নেতা সঞ্জয় সিঙক আৱকাৰী নীতি কেলেংকাৰী গোচৰত সাক্ষ্য প্রমাণ বিনষ্ট নকৰিবলৈ দিল্লীৰ এখন আদালতৰ নিৰ্দেশ