ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটৰেছে ছিৰিয়াৰ জনসাধাৰণে দেশখনৰ ভৱিষ্যৎ নির্ধাৰণ কৰিব বুলি মন্তব্য কৰিছে। এটা বিবৃতিত গুটৰেছে কয়, যে ছিৰিয়াৰ পৰিৱৰ্তিত পৰিস্থিতিত দেশখনৰ ৰাজনৈতিক পট পৰিৱৰ্তন সুচাৰু হোৱা উচিত। তেওঁ দেশখনৰ অস্থিৰ পৰিস্থিতি সোনকালেই স্বাভাৱিক হ’ব বুলি আশা প্ৰকাশ কৰে। ছিৰিয়াৰ ৰাজধানী ডামাস্কাছত কালি বিদ্রোহী বাহিনীয়ে দীৰ্ঘদিনীয়া গৃহ যুদ্ধৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি বাছাৰ আল আশ্বাদক ক্ষমতাচ্যুত কৰে। ইয়াৰ পাছতে দেশখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। বিশ্ব সম্প্ৰদায়ৰ লগতে ভাৰতেও ছিৰিয়াৰ পৰিস্থিতিৰ ওপৰত অহৰহ দৃষ্টি ৰাখিছে আৰু ছিৰিয়াত সুস্থিৰতা ঘূৰি আহিব বুলি আশা প্ৰকাশ কৰিছে।
Assamese | December 9, 2024 9:06 PM | syria situation un
ছিৰিয়াৰ জনসাধাৰণে দেশখনৰ ভৱিষ্যৎ নির্ধাৰণ কৰিবঃ ৰাষ্ট্ৰসংঘৰ সচিব প্রধান এণ্টনিঅ’ গুটৰেছ