২০২৫ বৰ্ষৰ সুভাষ চন্দ্র বসু দুর্যোগ ব্যৱস্থাপনা পুৰস্কাৰৰ বাবে মনোনয়ন আহ্বান কৰা হৈছে। যিকোনো ব্যক্তি বা প্রতিষ্ঠানে এই পুৰস্কাৰৰ বাবে আবেদন কৰিব পাৰে। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা ৩০ ছেপ্তেম্বৰলৈ বৃদ্ধি কৰা হৈছে। https//awards.gov.in অনলাইন প‘ৰ্টেলত আবেদনৰ সবিশেষ জানিব পৰা যাব। উল্লেখযোগ্য যে অহা বছৰৰ ২৩ জানুৱাৰীত এই বঁটা ঘোষণা কৰা হ‘ব। মানৱতাৰ প্ৰতি আগবঢ়োৱা নিস্বাৰ্থ সেৱা তথা দুর্যোগ ব্যৱস্থাপনাৰ ক্ষেত্ৰত দেখুওৱা উৎকৃষ্টতাৰ বাবে এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি অহা হৈছে।
Assamese | September 13, 2024 12:15 PM | subhash chandra bose
২০২৫ বৰ্ষৰ সুভাষ চন্দ্র বসু দুর্যোগ ব্যৱস্থাপনা পুৰস্কাৰৰ বাবে মনোনয়ন আহ্বান