September 10, 2024 12:45 PM | sonitpur

printer

শোণিতপুৰ জিলাত ১ৰ পৰা ৮ ছেপ্তেম্বৰলৈ সাক্ষৰতা সপ্তাহ পালন

দেশৰ ১৫ বছৰ বয়সৰ ওপৰৰ সকলো লোকক সাক্ষৰ কৰি তুলিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নৱ ভাৰত সাক্ষৰতা মিছনৰ অংশ স্বৰূপে শোণিতপুৰ জিলাত ১ৰ পৰা ৮ ছেপ্তেম্বৰলৈ সাক্ষৰতা সপ্তাহ পালন কৰা হয়। জিলাখনৰ বিভিন্ন বিদ্যালয়ত ইয়াৰ অধীনত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ১ ছেপ্তেম্বৰত জিলা সাক্ষৰতা মিছন কাৰ্যালয়ত আৰম্ভণি অনুষ্ঠানৰ পাছত ২ ছেপ্তেম্বৰত তেজপুৰৰ লোথেৰিয়ান উচ্চ মাধ্যমিক বিদ্যালয়ত মাতৃ গোটৰ সদস্য, স্বেচ্ছামূলক শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলক লৈ এখন সজাগতা সভা অনুষ্ঠিত হয়। সেইদৰে ৩ ছেপ্তেম্বৰত উলুবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আৰু ৪ ছেপ্তেম্বৰত ৰূপাজুলি চাহ বাগিচা আদর্শ বিদ্যালয়তো সজাগতা সভাত আয়োজন কৰা হয়। ৰূপাজুলিত পোষ্টাৰ আৰু শ্লোগানেৰে চাহ বাগিচাৰ লোকসকলক লৈ শোভাযাত্ৰা উলিওৱা হয়। ঢেকীয়াজুলি কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ত ৬ ছেপ্তেম্বৰত সজাগতা সভা অনুষ্ঠিত হয়। তেজপুৰ কলেজিয়েট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৭ ছেপ্তেম্বৰত তেজপুৰ শিক্ষণ বিদ্যালয়ৰ প্ৰবক্তা মন ময়ুৰী গোস্বামীয়ে শিক্ষা সকলোৰে বাবে শীৰ্ষক বক্তৃতা দিয়ে। ইপিনে সামৰণিৰ দিনা ৮ ছেপ্তেম্বৰত তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আন্তর্জাতিক সাক্ষৰতা দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। আনহাতে তেজপুৰৰ ভূপেন হাজৰিকা কলা ভূমিত আন্তর্জাতিক সাক্ষৰতা দিৱস উপলক্ষে এখন বাটৰ নাট প্ৰদৰ্শন কৰা হয়।