August 31, 2024 12:24 PM | sonitpur aasu protest

printer

ৰাজ্যৰ বান-খহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

শোণিতপুৰ জিলা ছাত্ৰ সন্থাই কালি ৰাজ্যৰ দীৰ্ঘদিনীয়া বান আৰু গঢ়া খহনীয়া সমস্যাক ৰাষ্ট্রীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক বিশেষ অনুদান আগবঢ়াবলৈও দাবী জনাই সংগঠনটোৱে তেজপুৰ চহৰৰ মাজেৰে কালি প্রতিদাবী শোভাযাত্ৰা উলিয়ায়। উল্লেখযোগ্য যে, সদৌ অসম ছাত্ৰ সন্থাৰ জিলা সমিতিৰ সভাপতিৰ নেতৃত্বত গ্ৰহণ কৰা এই কাৰ্যসূচীত নৈৰ কাষৰীয়া ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত এখন স্মাৰক পত্ৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়। চৰকাৰ আৰু জলসম্পদ বিভাগক এই সমস্যা সমাধানৰ বাবে বিজ্ঞানসন্মত নীতি গ্রহণ কৰিবলৈও তেওঁলোকে দাবী তোলে।