শোণিতপুৰ জিলাত চলি থকা বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ অৰ্থে ৰাজ্য চৰকাৰৰ পশুপালন, পশু চিকিৎসা, মীন আৰু লোকনির্মাণ বিভাগৰ মন্ত্রী কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত আজি এখন পর্যালোচনা বৈঠক অনুষ্ঠিত হয়। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই বৈঠকত চৰকাৰী আঁচনিসমূহৰ অগ্ৰগতিৰ পুংখানুপুংখভাবে আলোচনা কৰাৰ লগতে হিতাধিকাৰীসকলে যাতে চৰকাৰী আঁচনিৰ সুবিধা সময়মতে লাভ কৰিব পাৰে সেই সন্দৰ্ভতো বিশেষ গুৰুত্ব আৰোপ কৰা হয়। কৃষি, পশুপালন আৰু দুগ্ধ উন্নয়ন খণ্ডত ৰাজ্যখনক স্বাৱলম্বী কৰি তোলাৰ অৰ্থে চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে মন্ত্ৰীগৰাকীয়ে বৈঠকত উল্লেখ কৰে। তেওঁ ৰাজ্যখনত দুগ্ধ, কণী আৰু আলংকাৰিক মাছ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা আছে আৰু এইসমূহ অন্য ৰাজ্যলৈ যোগান ধৰাৰ লক্ষ্যৰে কাম কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। এই বৈঠকত বিধায়ক পদ্ম হাজৰিকা, শোণিতপুৰ জিলা আযুক্ত আনন্দ কুমাৰ দাসৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | December 16, 2025 7:10 PM | sonitpur
শোণিতপুৰত কৃষ্ণেন্দু পালৰ অধ্যক্ষতাত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত