শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাসৰ সভাপতিত্বত আজি জিলা আযুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত হয়। সভাত জিলাখনৰ অসম্পূর্ণ প্রকল্পসমূহ শীঘ্ৰে সম্পূৰ্ণ কৰা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি অংশীদাৰ বিভাগসমূহক সক্রিয়তাৰে কাম কৰিবলৈ আহ্বান জনোৱা হয়। এই সভাতেই কৃষি বিভাগে কৃষক পঞ্জীয়ন আৰু ডিজিটেল শস্য জৰীপৰ অগ্রগতি সন্দৰ্ভত প্রতিবেদন দাখিল কৰে। লোক নির্মাণ গৃহ বিভাগৰ অধীনত চলি থকা বৃহৎ আন্তঃগাথনিগত প্রকল্পসমূহ বিশেষকৈ জিলা পুথিভড়াল প্রেক্ষাগৃহৰ কাম সময়মতে সম্পূৰ্ণ কৰাৰ প্রয়োজনীয়তাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰা হয়। এই সভাত জিলা উন্নয়ন আযুক্ত লক্ষ্মীনন্দন চহৰীয়া, অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত আৰু বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল উপস্থিত থাকে।
Assamese | October 31, 2025 7:34 PM | sonitpur
আনন্দ কুমাৰ দাসৰ সভাপতিত্বত শোণিতপুৰ জিলা আযুক্তৰ কাৰ্যালয়ত এখন সভা অনুষ্ঠিত