শোণিতপুৰ জিলাৰ তৃতীয় শ্রেণীৰ কৰ্মচাৰীৰ বাবে কাৰ্যালয় ব্যৱস্থা, বিত্ত আৰু একাউণ্ট সম্পৰ্কীয় বিষয়ত বিশেষ কাৰ্যসূচী আজি আৰম্ভ হৈছে। অসম প্ৰশাসনিক কৰ্মচাৰী মহাবিদ্যালয় আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত এই চাৰিদিনীয়া কাৰ্যসূচী জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি উদ্বোধন কৰা হয়। উদ্বোধনী ভাষণত জিলা আয়ুক্তগৰাকীয়ে এই প্ৰশিক্ষণৰ গুৰুত্বৰ কথা উল্লেখ কৰি অংশগ্ৰহণকাৰী সকলক এই কার্যসূচীত অংশগ্রহণ কৰাৰ বাবে উৎসাহিত কৰে। তেওঁ কয় যে কাৰ্য সাধনৰ মুখ্য বিষয়বোৰ বুজিলে জনসাধাৰণৰ প্ৰতি সেৱা আৰু অধিক উন্নত হ‘ব। জিলা আয়ুক্তগৰাকীয়ে অনলাইন পৰিসৰ বিশেষকৈ আৰ টি পি এছ প‘ৰ্টেলৰ নিয়ম-কানুনৰ প্ৰতি সজাগতাত গুৰুত্ব আৰোপ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচী তিনিটা পৰ্যায়ত অনুষ্ঠিত হ‘ব। প্ৰতিটো পৰ্যায়ত প্রায় ৫০ গৰাকী কৰ্মচাৰীয়ে জিলা আয়ুক্ত কাৰ্যালয় আৰু জিলাৰ বিভিন্ন বিভাগৰ পৰা অংশগ্ৰহণ কৰিব।
Assamese | November 12, 2024 6:01 PM | sonitpur
শোণিতপুৰত কাৰ্যালয় ব্যৱস্থা, বিত্ত আৰু একাউণ্ট সম্পৰ্কীয় বিষয়ত বিশেষ কাৰ্যসূচী আৰম্ভ