শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰ মাজগাঁও যুটীয়া সঞ্চালকালয়ৰ কাৰ্যালয়ত কালি ৰবি শস্যৰ বীজ বিতৰণ কাৰ্যসূচী আৰম্ভ কৰা হয়। তেজপুৰৰ ডিপোটা আৰু ঘোঁৰামাৰি কৃষি চক্ৰৰ কৃষকসকলৰ মাজত বীজ বিতৰণ কৰা হয়। অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই সৰিয়হ, মটৰ, ঘেঁহু, মচুৰমাহৰ বীজ কৃষকসকলৰ মাজত বিতৰণ কৰে। বিতৰণ কাৰ্যসূচীত জিলা উন্নয়ন আয়ুক্ত যুটীয়া কৃষি সঞ্চালক, সহকাৰী কৃষি সঞ্চালকৰ লগতে বহুগৰাকী বিষয়াও উপস্থিত থাকে। অনুষ্ঠানত বীজ বিতৰণৰ লগতে মহকুমা কৃষি বিষয়াই আধুনিক পদ্ধতিৰে পিঁয়াজত খেতি কৰাৰ প্ৰশিক্ষণ প্ৰদান কৰে। কৃষকসকলক ভূমি স্বাস্থ্য পত্র সম্পর্কেও জ্ঞান প্রদান কৰা হয় ৷
Assamese | November 7, 2024 1:11 PM | sonitpur
শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত ৰবি শস্যৰ বীজ বিতৰণ কাৰ্যসূচী আৰম্ভ