শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ অন্তৰ্গত বনানীকৰণৰ বাবে নিৰ্ধাৰিত ভূমিত অবৈধভাৱে বাস কৰা লোকসকলক উচ্ছেদৰ বাবে জিলা প্রশাসনে বিশেষ পদক্ষেপ গ্রহণ কৰিছে। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ নেতৃত্বত আজি চৰকাৰী বিষয়াৰ এটা দলে দখলীকৃত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে, বুঢ়া চাপৰি সংৰক্ষিত বনাঞ্চলৰ ক্ষতিপূৰণমূলক বনানীকৰণৰ বাবে ইতিমধ্যে আবণ্টিত প্রায় ছহেজাৰ দুশ বিঘা ভূমি বর্তমানো অবৈধ দখলকাৰীৰ কৱলত আছে। ৰাজহ চক্ৰ কাৰ্য্যালয় আৰু বন বিভাগৰ বিষয়াই ইতিপূর্বে এই অঞ্চল পৰিদৰ্শন কৰি দখলকাৰীসকলক চৰকাৰী ভূমি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰিছিল, কিন্তু এমাহৰ সময়সীমা পাৰ হৈ যোৱাৰ পাছতো দখলকাৰীসকলে এই ভূমি খালী নকৰাত জিলা আয়ুক্তৰ নেতৃত্বত আজি পুনৰ ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰা হয়। বিষয়াৰ দলটোৱে দখলকাৰীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক শীঘ্ৰে সেই স্থানৰ পৰা আঁতৰি যাবলৈ পৰামৰ্শ দিয়ে।
Assamese | December 19, 2025 6:47 PM | sonitpur
শোণিতপুৰ জিলাৰ বুঢ়া চাপৰি বন্যপ্রাণী অভয়াৰণ্যৰ অন্তৰ্গত ভূমি উচ্ছেদৰ বাবে জিলা প্রশাসনৰ বিশেষ পদক্ষেপ গ্রহণ