চৰাইদেউ জিলাৰ দিচাংপানীত যোৱা ২ জানুৱাৰীৰ অনুষ্ঠিত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ কালি সামৰণি পৰে। অন্তিম দিনাৰ সাংস্কৃতিক অনুষ্ঠানত বোম্বে ভিকিংছৰ জনপ্ৰিয় কণ্ঠশিল্পী নীজ শ্ৰীধৰ আৰু গৰিসা নাথে গীত পৰিৱেশন কৰে। কালিৰ এই অনুষ্ঠানতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক মৰণোত্তৰভাৱে সোণাৰু কাঞ্চন কৃষ্ণচূড়া বঁটা প্ৰদান কৰা হয়। অভিনেতা ৰবি শৰ্মাক অসম সাহসী কণ্ঠ বঁটা আৰু ডা০ অমিত বৰুৱাক মানৱ দৰদী বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে প্রকৃতিপ্রেমী যুৱক অনু পাটকাইৰ নেতৃত্বত শিল্পীসমাজ, সাংবাদিক তথা সচেতন নাগৰিকৰ প্ৰচেষ্টাত ২০১৯ চনৰ পৰা এই মহোৎসৱ অনুষ্ঠিত কৰা অহা হৈছে।
Assamese | January 5, 2026 12:56 PM | sonaru kanchan
চৰাইদেউ জিলাৰ দিচাংপানীত অনুষ্ঠিত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱৰ সামৰণি