যুক্তিবাদী লেখক ড০ শিৱনাথ বৰ্মনৰ সোঁৱৰণত বিজ্ঞানমনস্ক যাত্ৰাৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ঠাইত কালি বৈজ্ঞানিক চেতনা দিৱস উদযাপন কৰা হয়। সমাজত বিজ্ঞানমনস্কতাৰ প্ৰচাৰ তথা অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে যোৰহাট, বিশ্বনাথ চাৰিআলি আদি জিলাত এই দিৱস পালন কৰা হয়। গুৱাহাটীৰ কৃষি নিবাস প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্রীয় অনুষ্ঠানত যুক্তিবাদ আৰু বিজ্ঞানমনস্কতা নামৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। এই অনুষ্ঠানত ড০ কুলেন্দু পাঠক, ড০ দীনেশ চন্দ্ৰ গোস্বামী, দিলীপ বৰা, ময়ূৰ বৰা, জুনু বৰাকে ধৰি ভালেমান বিশিষ্ট লোক উপস্থিত আছিল। বিজ্ঞানমনস্ক যাত্ৰাৰ তিনিচুকীয়া শাখা, বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজ, অসম বিজ্ঞান সমিতিৰ তিনিচুকীয়া শাখা আৰু ইলোৰা বিজ্ঞান মঞ্চ তিনিচুকীয়া শাখাৰ উদ্যোগত তিনিচুকীয়া জিলাতো এই দিৱস আয়োজন কৰা হয়।
Assamese | December 16, 2024 12:40 PM | sivanath barman
যুক্তিবাদী লেখক ড০ শিৱনাথ বৰ্মনৰ সোঁৱৰণত ৰাজ্যৰ ভিন্ন ঠাইত বৈজ্ঞানিক চেতনা দিৱস উদযাপন