ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চণ্ডীশগড়ৰ দুৰ্গ জিলাত সংঘটিত বাছ দুৰ্ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰী মতী মুর্মুরে এই ঘটনাটোক দুখঃজনক বুলি অভিহিত কৰি আহতসকলৰ আশু আৰোগ্য কামনা কৰে। আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্ঘটনাৰ কবলত পৰা লোকসকলৰ প্ৰতি সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ কথা ঘোষণা কৰাৰ লগতে তেওঁলোকৰ সহায়ৰ বাবে স্থানীয় প্রশাসনে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি নিশ্চিত কৰি দিয়ে।
Assamese | April 10, 2024 6:08 PM | President-PM condolence
চণ্ডীশগড়ৰ বাছ দুৰ্ঘটনাক লৈ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ