এই বছৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজ উপভোগ কৰিবলৈ প্ৰায় ১০ হাজাৰ বিশেষ অতিথি আমন্ত্ৰণ জনোৱা হৈছে। এই বিশেষ অতিথিসমূহৰ ভিতৰত আছে পঞ্চায়ত গাঁওপ্রধান, দুর্যোগ সাহায্য কর্মী, জলযোদ্ধা, হস্ততাঁত আৰু হস্তশিল্পৰ শিল্পীসকল, মন কী বাতৰ অংশগ্ৰহণকাৰীসকল, মাই-ভাৰতৰ স্বেচ্ছাসেৱীসকল, উত্তৰ-পূব ভাৰতৰ অতিথিসকল আৰু ষ্টাৰ্টআপৰ সদস্যসকল। প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে আমন্ত্রিত অতিথিসকলৰ একাংশই আত্ম-সহায়ক গোটৰ জৰিয়তে আয় আৰু কৰ্মসংস্থাপন সুনিশ্চিত কৰাৰ ক্ষেত্ৰত দৃষ্টান্তমূলক কাম কৰি আছে। পেৰা অলিম্পিক দলৰ সদস্য, দবা অলিম্পিয়াডৰ মেডেল বিজয়ী, বিশ্ব ব্ৰীজ গেমছৰ ৰূপৰ পদক বিজয়ী আৰু সুকাৰ বিশ্ব চেম্পিয়নশ্বিপৰ সোণৰ পদক বিজয়ীসকলকো বিশেষ অতিথি হিচাপে আমন্ত্রণ জনোৱা হৈছে। মন্ত্ৰালয়ে লগতে কয় যে এই বিশেষ অতিথিসকলে ৰাষ্ট্ৰীয় যুদ্ধ স্মৃতি সৌধ, প্ৰধানমন্ত্রী সংগ্ৰহালয় আৰু দিল্লীৰ অন্য বিশেষ স্থানসমূহ পৰিদৰ্শন কৰিব।
Assamese | January 9, 2025 8:46 PM | RD parade
এই বছৰৰ গণৰাজ্য দিৱসৰ কুচকাৱাজত ১০ হাজাৰ বিশেষ অতিথি আমন্ত্ৰণ