ভাৰতীয় ৰিজার্ভ বেংকে নীতি নির্ধাৰণকাৰী নিয়মসমূহ উলংঘা কৰাৰ বাবে হংকং আৰু ছাংহাই বেংকিং কো-অপাৰেচন লিমিটেড (এইচ এছ বি চি)ক ৬৬ লাখ ৬০ হাজাৰ টকা জৰিমনা বিহিছে। এইচ এছ বি চিয়ে গ্ৰাহকসকলৰ কে ৱাই চিৰ নীতি-নিয়ম, অসুৰক্ষিত বিদেশী মুদ্রা সম্পর্কে প্রতিবেদন দিয়াত বিফল হোৱা আৰু অযোগ্য ছেভিংছ একাউণ্টছ খোলাৰ দৰে কাম-কাজেৰে এই নিয়মসমূহ উলংঘা কৰিছিল। পর্যালোচনামূলক নিৰীক্ষণৰ অন্তত এইচ এছ বি চিয়ে অবৈধ ধনৰ লেনদেন সংক্রান্তত এলাৰ্ট ক্ল’জাৰ বাহিৰৰ পৰা প্ৰয়োগ কৰাৰ লগতে প্রতিবেদন প্রদান কৰাৰ ক্ষেত্ৰত থকা দায়িত্ব পালন কৰাত অসফল হোৱাৰ তথ্য ৰিজাৰ্ভে বেংকে লাভ কৰে। ৰিজার্ভ বেংকে আই আই এফ এল সমস্ত ফাইনেন্স লিমিটেডকো কে ৱাই চিৰ মান আৰু ঋণ শ্ৰেণীকৰণৰ ক্ষেত্ৰত থকা নীতি-নিয়মসমূহ পালন নকৰাৰ বাবে ৩৩ লাখ ১০ হাজাৰ টকা জৰিমনা বিহিছে। দুয়োটা গোচৰ সন্দৰ্ভত ভাৰতীয় ৰিজার্ভ বেংকে কয়, যে এই জৰিমনা নীতি-নিৰ্ধাৰণকাৰী নিয়মসমূহ পালন নকৰাৰ বাবেহে বিহা হৈছে আৰু ই বেংক দুটাৰ গ্ৰাহকসকলৰ কোনো কাৰ্যত প্ৰভাৱ নেপেলায়।
Assamese | March 1, 2025 12:25 PM | RBI hongkong co operation bank
হংকং আৰু ছাংহাই বেংকিং কো-অপাৰেচন লিমিটেডক ৬৬.৬০ লাখ টকা জৰিমনা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ