কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ হ’ব। কেন্দ্ৰীয় হিলাল সমিতি অসমেও কাইলৈ ৰমজানৰ প্ৰথম ৰোজা আৰম্ভ হ’ব বুলি জানিবলৈ দিছে। সমিতিৰ সভাপতি আৰু সম্পাদকে আমাৰ সংবাদদাতাক জনোৱা মতে, কালি সন্ধিয়া অসম তথা দেশৰ অন্য প্ৰান্তত, আকাশত ৰমজান মাহৰ জোন দেখা নোযোৱাৰ পৰিপ্ৰেক্ষিতত কাইলৈ ৰমজান মাহ আৰম্ভ হ’ব। হিলাল সমিতিৰ তথ্য অনুসৰি কাইলৈ প্ৰথম দিনটোত গুৱাহাটীৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ৩০ মিনিট, ইফতাৰৰ সময় সন্ধিয়া ৫ বাজি ২৫ মিনিট, মৰিগাঁও আৰু জাগীৰোডৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ২৭ মিনিট, ইফতাৰৰ সময় সন্ধিয়া ৫ বাজি ২২ মিনিট, নগাঁও আৰু তেজপুৰৰ বাবে চেহেৰীৰ সময় পুৱা ৪ বাজি ২৬ মিনিট আৰু ইফতাৰৰ সময় সন্ধিয়া ৫ বাজি ২১ মিনিট ধাৰ্য কৰা হৈছে। এই বেলি ধাৰ্য কৰা ফিতৰাৰ পৰিমাণ হ’ল এহেজাৰ ৬৩৩ গ্রাম ঘেঁহু বা তাৰ মূল্য। গোৱালপাৰা জিলাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা পৰিলক্ষিত হৈছে। ফল-মূল, ছেৱৈ, খেজুৰ, মিঠাই আদি সুস্বাদু খাদ্যৰে জিলাখনৰ হাট-বজাৰসমূহ ভৰি পৰিছে।
Assamese | March 1, 2025 1:32 PM | ramjan roja
কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ আৰম্ভ