জ্যেষ্ঠ বিজেপি নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি চত্তিশগড়ৰ বাষ্টাৰ জিলাত এটা নির্বাচনী সমদলত অংশ ল’ব। চত্তিশগড়ৰ বনমন্ত্ৰী কেদাৰ কাশ্যপে কৈছে যে, প্রধানমন্ত্ৰীয়ে বাষ্টাৰ জিলাৰ পৰা বিজয় সংকল্প শংখনাদ সমদল আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে বাষ্টাৰ লোকসভা সমষ্টিৰ ভানিপুৰীৰ আমাবল গাঁৱত এখন সভাক সম্বোধন কৰিব। সমষ্টিটোত অহা ১৯ এপ্রিলত নির্বাচন অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে চত্তিশগড়ত ২০১৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে ৯খন আসন লাভ কৰাৰ বিপৰীতে ভাৰতীয় জাতীয় কংগ্ৰেছে কেৱল দুখন আসন লাভ কৰিছিল। আনহাতে, ২০১৪ৰ নিৰ্বাচনত বিজেপিৰ ১০ আসনৰ বিপৰীতে কংগ্ৰেছে কেৱল এখন আসনহে লাভ কৰিবলৈ সমৰ্থ হৈছিল।
Assamese | April 8, 2024 12:18 PM | PM Modi Campaign
প্রধানমন্ত্ৰী মোদীয়ে আজি চত্তিশগড়ৰ বাষ্টাৰ জিলাৰ পৰা বিজয় সংকল্প শংখনাদ সমদল আৰম্ভ কৰিব