প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্য প্রদেশত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ পৰিয়াললৈ ২ লাখ টকাকৈ আৰু আহত সকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে এটা পোষ্টত প্রধানমন্ত্ৰীয়ে মধ্য প্ৰদেশৰ মান্দছৰত সংঘটিত পথ দুৰ্ঘটনাত নিহতসকলৰ আত্মীয়লৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে। তেওঁ প্ৰধানমন্ত্রী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ তৰফৰ পৰা দুৰ্ঘটনাত নিহতসকললৈ ২ লাখ টকাকৈ আৰু আহত সকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য দিয়া হ’ব বুলি কয়। মধ্যপ্ৰদেশৰ মান্দছ’ৰ জিলাৰ বুদ্ধ-তাকাৰৱাট ক্ৰ’ছিঙত কালি তীর্থযাত্রী কঢ়িওৱা এখন বাহন এটা খোলা নাদত পৰি যোৱাৰ ফলত কমেও ১১ জন লোকৰ মৃত্যু হয়। দুটি শিশুসহ আন ৪ জন লোক দুর্ঘটনাটোত আহত হয়।
Assamese | April 28, 2025 12:44 PM | P.M madhypradesh
মধ্য প্রদেশত সংঘটিত পথ দুৰ্ঘটনাত নিহতৰ পৰিয়াললৈ প্রধানমন্ত্ৰীৰ এককালীন সাহায্য