January 9, 2025 8:58 PM | piyaus gowel

printer

আয় বৃদ্ধি আৰু সংস্থাপনৰ ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতি শক্তিশালী মাধ্যম হৈ পৰিছে – পীযুষ গোৱেল

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযুষ গোৱেলে কয় যে আয় বৃদ্ধি আৰু সংস্থাপনৰ ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতি শক্তিশালী মাধ্যম হৈ পৰিছে। নতুন দিল্লীত আজি জৈৱিক উৎপাদনৰ বাবে ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ অষ্টম সংস্কৰণ মুকলি কৰি তেওঁ কয়, যে জৈৱিক কৃষিৰ জৰিয়তে কৃষকৰ আয় বৃদ্ধি হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বৰ্তমান জৈৱিক সামগ্ৰীৰ ৰপ্তানি মূল্য ৬ হাজাৰ কোটি টকা আৰু অহা ৩ বছৰত এই মূল্য ২০ হাজাৰ কোটিলৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।