নাবাৰ্ডৰ উদ্যোগত আৰু ৰাজ্য চৰকাৰৰ সামাজিক বনানিকৰণ বিভাগ তথা স্বেচ্ছাসেৱী সংগঠন এন ই কাৰ্ডৰ সহযোগত আজি পথৰুঘাটৰ কৃষক শ্বহীদ উদ্যানত আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষৰ লগত সংগতি ৰাখি এক পেড় মা কে নাম শীর্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই কাৰ্যসূচীৰ অধীনত উদ্যানখনত এশ জোপা গছপুলি ৰোপণ কৰা হয়। অনুষ্ঠানত নাবাৰ্ডৰ দৰং-ওদালগুৰি জিলাৰ সহকাৰী মহাপ্রবন্ধক, পথৰুঘাট ৰাজহ চক্ৰ বিষয়াকে ধৰি সমবায় বিভাগৰ কেইবাগৰাকী বিষয়া উপস্থিত থাকে। প্রায় ১৪ বিঘা ভূমি জুৰি থকা এই কৃষক শ্বহীদ বাকৰিত ৰোপণ কৰা গছপুলিসমূহৰ সংৰক্ষণৰ লগতে পানীযোগানৰ বাবে প্লাষ্টিকৰ পেলনীয়া বটল পুনৰ ব্যৱহাৰ কৰাৰ কৌশল প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হৈছে বুলি মঙলদৈৰ পৰা আমাৰ দৰং জিলাৰ সংবাদদাতাই প্ৰকাশ কৰিছে।
Assamese | May 22, 2025 8:22 PM | patharughat
নাবাৰ্ডৰ উদ্যোগত পথৰুঘাটৰ কৃষক শ্বহীদ উদ্যানত এক পেড় মা কে নাম শীর্ষক কাৰ্যসূচী