বৈদেশিক ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে দেশৰ এটা প্ৰতিনিধি দলৰ নেতৃত্ব লৈ আজি নিশা মালয়েছিয়ালৈ ৰাওনা হ’ব। সন্মিলনত তিনিখন ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হ’ব। প্ৰতিনিধি দলটোৱে সন্মিলনৰ আপাহতে বহুকেইখন দেশৰ বিদেশ মন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হ’ব। মন্ত্ৰীগৰাকীয়ে বৈঠকৰ পূৰ্বে কাইলৈ পুৱা কম্বোডিয়াত দেশখনৰ শীৰ্ষ নেতৃত্ববৰ্গৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।
Assamese | July 5, 2025 8:19 PM | pabitra
পৱিত্ৰ মাৰ্ঘেৰিটাৰ নেতৃত্বত এটা প্ৰতিনিধি দল আজি নিশা মালয়েছিয়ালৈ ৰাওনা