মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আজি গৰৈমাৰী ৰাজহ চক্ৰৰ পূৰ্বৰ চক্ৰ বিষয়া নূপুৰ বৰাৰ বৰপেটাৰোডৰ এটা বেংকৰ লকাৰৰ পৰা পুনৰ ৩১ লাখ ১০ হাজাৰৰো অধিক টকা জব্দ কৰে। ইয়াকে লৈ তদাৰকী কোষে নূপুৰ বৰাৰ পৰা মুঠ ১ কোটি ৪৭ লাখৰো অধিক টকা উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। ইয়াৰ পূৰ্বে যোৱা ১৫ ছেপ্তেম্বৰত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে নুপূৰ বৰাৰ পৰা প্ৰায় ৯২ লাখ ৪৯ হাজাৰ টকা আৰু ১৭ ছেপ্তেম্বৰত ২০ লাখ ৭৫ হাজাৰ টকা উদ্ধাৰ কৰিছিল। উল্লেখযোগ্য যে সম্প্রতি তিনি দিনৰ বাবে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জিম্মাত আছে। কালি নূপুৰ বৰাক ৰাজ্য চৰকাৰে চাকৰিৰ পৰা নিলম্বন কৰিছিল।
Assamese | September 20, 2025 9:36 PM | Nupur Bora
নূপুৰ বৰাৰ বৰপেটাৰোডৰ এটা বেংকৰ লকাৰৰ পৰা পুনৰ ৩১ লাখ ১০ হাজাৰৰো অধিক টকা জব্দ