ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে পথৰ কাষত ধাতুৰে নিৰ্মিত দুৰ্ঘটনাৰোধক স্থাপনৰ বাবে নির্ধাৰিত নির্দেশনাসমূহ কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ ঠিকাদাৰসকললৈ নিৰ্দেশনা জাৰি কৰিছে। পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ এটা বিবৃতিত নিৰ্দেশনা অনুসৰি ঠিকাদাৰসকলে দুৰ্ঘটনাৰোধকৰ বাবে যোগান ধৰা সামগ্ৰী ক্ৰেছ টেষ্ট ৰিপৰ্টত দিয়াৰ দৰে বিশেষ হ‘ব লাগে আৰু প্ৰস্তুতকাৰীয়ে প্ৰদান কৰা পদ্ধতি অনুসৰি স্থাপন কৰিব লাগিব বুলি প্ৰকাশ কৰে। ইয়াৰ উপৰি নিৰ্ধাৰিত আৰ্হি আৰু মান ৰক্ষা কৰি স্থাপন কৰা প্ৰতিৰোধকৰ বাবে তেওঁলোকে প্রস্তুতকাৰীসকলৰ পৰা প্ৰমাণপত্ৰও লাভ কৰিব বুলিও উল্লেখ কৰে।
Assamese | December 18, 2024 9:12 PM | NHAI
ঠিকাদাৰসকললৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ নিৰ্দেশনা জাৰি