আজি বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে নগাঁৱৰ মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰে। দিৱসৰ অংশ হিচাপে ৰূপহী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ৰেডিঅ’ শুনাৰ অভ্যাস গঢ়ি তোলা আৰু ইয়াৰ উপকাৰিতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে অনুষ্ঠানৰ আয়োজন কৰা হয়। তদুপৰি কেবাগৰাকীও বিশিষ্ট শিল্পীৰ সোৱৰণত ৰেডিঅ’ ছেট বিতৰণ কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে চাইকেল সমদল, গছপুলি ৰোপণ আৰু বিশ্ব ৰেডিঅ’ দিৱস সন্দৰ্ভত বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানতে মধ্য অসম ৰেডিঅ’ শ্রোতাসংঘই ঘোষণা কৰা চলিত বৰ্ষৰ লোক শিল্পী বঁটা মিলেশ্বৰ নাথক প্ৰদান কৰা হয়। অনুষ্ঠানৰ অংশ হিচাপে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আয়োজিত থিতাতে লিখা ৰচনা প্রতিযোগিতাৰ পুৰস্কাৰসমূহ আজি বিতৰণ কৰা হয়। অনুষ্ঠানত সংঘৰ মুখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | February 13, 2025 9:01 PM | nagaon world radio day
নগাঁৱৰ মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘৰ বিশ্ব ৰেডিঅ’ দিৱস পালন, মিলেশ্বৰ নাথক লোকশিল্পী বঁটা প্ৰদান