মৰিগাঁও আৰক্ষীয়ে নগাঁও আৰু মৰিগাঁও জিলাৰ বিভিন্ন স্থানত যোৱা নিশা অভিযান চলাই ৫ জন চাইবাৰ অপৰাধীক আটক কৰে। আৰক্ষীৰ দলে মৈৰাবাৰীৰ পৰা আজহাৰুল ইছলাম, বাহৰুল ইছলাম, ধিঙৰ পৰা মামুদ হাছান, ৰাকিবুৰ ৰহমান আৰু লাহৰীঘাটৰ পৰা ৰিয়ানুদ জামান নামৰ চাইবাৰ প্ৰৱঞ্চক কেইজনক আটক কৰে। আৰক্ষীয়ে অপৰাধী চক্ৰটোৰ ৭টা মোবাইল ফোন, ৬ খন ডেভিড কার্ড, চেকবুক, বেংকৰ পাছবুক, পাছপ‘র্ট, পানকার্ড আৰু আধাৰকাৰ্ড জব্দ কৰে। মৰিগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ দাসে সংবাদ মাধ্যমৰ আগত জনোৱা মতে চাইবাৰ অপৰাধী চক্ৰটোৱে এটা ব্যক্তিগত খণ্ডৰ বেংকৰ পৰা হেকিঙৰ জৰিয়তে প্রায় ২৫ লাখ টকা লুণ্ঠন কৰিছিল।
Assamese | January 22, 2026 7:34 PM
নগাঁও আৰু মৰিগাঁও জিলাৰ পৰা ৫ জন চাইবাৰ অপৰাধীক আটক মৰিগাঁও আৰক্ষীৰ