ইটালীৰ অপুলীয়াত অনুষ্ঠিত জি-ছেভেন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ক সাক্ষাৎ কৰি প্ৰতিৰক্ষা, পাৰমাণৱিক, মহাকাশ শিক্ষা, জলবায়ু পৰিৱৰ্তন আদি বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই মেক ইন্ ইণ্ডিয়া উদ্যমত বিশেষ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীক আসন্ন পেৰিছ অলিম্পিক আৰু পেৰালিম্পিক ক্রীড়া মহোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে৷
তদুপৰি প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাককো সাক্ষাৎ কৰে। শ্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে এন ডি এ চৰকাৰৰ তৃতীয় কাৰ্যকালত ভাৰত-ব্ৰিটেইন সৰ্বাত্মক কৌশলগত সহযোগিতা অধিক সুদৃঢ় কৰাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতিৰ বিষয়ে দোহাৰে৷ শ্ৰী মোদীয়ে লগতে ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলেনস্কিকো সাক্ষাৎ কৰে। সাক্ষাৎকালত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ পৰ্যালোচনা চলায় আৰু ইউক্রেইনৰ পৰিস্থিতিৰ বিষয়ে মত-বিনিময় কৰে। সাক্ষাৎ কালত ভাৰতে আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে এই সংঘৰ্ষৰ শান্তিপূর্ণ সমাধানৰ বাবে প্ৰয়াস অব্যাহত ৰাখিব বুলি শ্ৰী মোদীয়ে কয়।
Assamese | June 14, 2024 7:39 PM | G-7 | G-7 Meet | narendra modi | new pm naredra modi
G-7 শীৰ্ষ সন্মিলনত কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনা প্ৰধানমন্ত্ৰী মোডীৰ