June 14, 2024 7:39 PM

views 54

G-7 শীৰ্ষ সন্মিলনত কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনা প্ৰধানমন্ত্ৰী মোডীৰ

ইটালীৰ অপুলীয়াত অনুষ্ঠিত জি-ছেভেন শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি কেইবাখনো দেশৰ নেতাৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হয়। শ্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মাক্ৰ’ক সাক্ষাৎ‍ কৰি প্ৰতিৰক্ষা, পাৰমাণৱিক, মহাকাশ শিক্ষা, জলবায়ু পৰিৱৰ্তন আদি বিভিন্ন বিষয় সম্পৰ্কত আলোচনা কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই মেক ইন্‌ ইণ্ডিয়া উদ্যমত বিশেষ গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীক আসন্ন পেৰিছ অলিম্পিক আৰু পেৰালিম্পিক ক্রীড়...

June 10, 2024 12:01 PM

views 60

ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব। এই ক্ষেত্ৰত তেওঁ জনসাধাৰণৰ সৈতে গভীৰ সম্পৰ্ক আৰু সংযোগ স্থাপনৰ বাবে আহ্বান জনায়। শ্রীমোদীয়ে তেওঁৰ শপতগ্রহণ অনুষ্ঠানৰ পাছত যোৱানিশা ৰাষ্ট্ৰপতি ভৱনত চুবুৰীয়া ৰাষ্ট্ৰ তথা ভাৰত মহাসাগৰ খণ্ডৰ নেতাসকলক সাক্ষাৎ কৰে। অনুষ্ঠানত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনাই প্রধানমন্ত্রীয়ে চুবুৰীয়া প্ৰথম নীতি আৰু সাগৰ দৃষ্টিভংগীৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ কয় যে, ভ...