প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, তেওঁৰ তৃতীয়টো কাৰ্যকালত ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাব। এই ক্ষেত্ৰত তেওঁ জনসাধাৰণৰ সৈতে গভীৰ সম্পৰ্ক আৰু সংযোগ স্থাপনৰ বাবে আহ্বান জনায়। শ্রীমোদীয়ে তেওঁৰ শপতগ্রহণ অনুষ্ঠানৰ পাছত যোৱানিশা ৰাষ্ট্ৰপতি ভৱনত চুবুৰীয়া ৰাষ্ট্ৰ তথা ভাৰত মহাসাগৰ খণ্ডৰ নেতাসকলক সাক্ষাৎ কৰে। অনুষ্ঠানত উপস্থিত থকাৰ বাবে সকলোকে ধন্যবাদ জনাই প্রধানমন্ত্রীয়ে চুবুৰীয়া প্ৰথম নীতি আৰু সাগৰ দৃষ্টিভংগীৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। তেওঁ কয় যে, ভাৰতে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত গোলকীয় দক্ষিণৰ কণ্ঠ সুদৃঢ় কৰি যাব। আনহাতে বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে, শপতগ্রহণ অনুষ্ঠানত এই নেতাসকলৰ অংশগ্রহণে চুবুৰীয়া দেশৰ সৈতে ভাৰতৰ বন্ধুত্ব আৰু সহযোগিতাৰ গভীৰ সম্পৰ্ককে প্রতিফলিত কৰিছে।
Assamese | June 10, 2024 12:01 PM | new pm naredra modi
ভাৰতে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ হকে একেৰাহে কাম কৰি যাবঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী