September 10, 2026 7:34 PM | CM in IIT

printer

MC²+ Ignite আই আই টি গুৱাহাটী আউটৰীটচ কাৰ্যসূচীত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি আই আই টি গুৱাহাটীত আয়োজিত MC²+ Ignite আই আই টি গুৱাহাটী আউটৰীটচ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী ড০ শর্মাই সম্পদভিত্তিক ৰাজ্যৰ পৰা প্ৰযুক্তিভিত্তিক ৰাজ্য হিচাপে অসমক গঢ়ি তুলিবলৈ সকলোৰে সহযোগিতাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে আন্তঃগাঁথনি আৰু ঔদ্যোগিকীকৰণৰ ভেটি সুদৃঢ় কৰাৰ পাছত অসমে এতিয়া উদ্ভাৱন, প্রযুক্তি আৰু ষ্টার্টআপৰ জৰিয়তে অর্থনৈতিক বিকাশৰ নতুন পৰ্যায়ত প্রবেশ কৰিছে। ঔদ্যোগিক জটিলতাসমূহৰ দূৰীকৰণে ৰাজ্যৰ বাবে সম্ভাৱনাৰ নতুন পথ মুকলি কৰিব বুলি তেওঁ আশা প্রকাশ কৰে।