আন্তঃৰাষ্ট্ৰীয় শ্রম সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থা লেখীয়া আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহে চাৰিখন শ্রম বিধিৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত চৰকাৰে কৰা ঘোষণাৰ প্ৰতি আদৰণি জনাইছে। এই সংস্থাসমূহে ইয়াক সামাজিক সুৰক্ষাৰ সুদৃঢ়কৰণ, ন্যূনতম পাৰিশ্ৰমিক পৰিকাঠামৰ বৃদ্ধি আৰু প্ৰতিষ্ঠানগত সামৰ্থ বৃদ্ধিৰ দিশৰ পৰা গুৰুত্বপূর্ণ পদক্ষেপ বুলি অভিহিত কৰিছে। শ্রম আৰু নিয়োগ মন্ত্র্যালয়ে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মন্তব্যই গোলকীয় শ্ৰম আৰু সামাজিক সুৰক্ষাৰ মান নির্ধাৰণৰ ক্ষেত্ৰত ভাৰতৰ বৰ্ধিত ভূমিকাৰ কথাকে প্রতিফলিত কৰা বুলি উল্লেখ কৰিছে। আন্তঃৰাষ্ট্ৰীয় শ্রম সংস্থাৰ সঞ্চালক প্ৰধানগৰাকীয়ে সামাজিক মাধ্যমযোগে কয়, যে চৰকাৰ, নিয়োগকর্তা আৰু শ্ৰমিকসকলৰ মাজত সামাজিক আলোচনা আবশ্যকীয় হ’ব, কিয়নো এই সংস্কাৰসমূহ শ্রমিক আৰু ব্যৱসায়ৰ বাবে ইতিবাচক। আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থাই নতুনকৈ প্ৰৱৰ্তন কৰা শ্রম বিধিয়ে শক্তিশালী সর্বাত্মক সামাজিক সুৰক্ষা ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিব বুলি আশা প্রকাশ কৰিছে।
Assamese | November 22, 2025 8:56 PM | 4 Labour codes
চাৰিখন শ্রম বিধিৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত চৰকাৰে কৰা ঘোষণাৰ প্ৰতি আগশাৰীৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ আদৰণি